চিটাৰা ডেস্ক, 6 মে’ :বলীউডৰ স্পষ্টবাদী কংগনা ৰনৌতৰ অনুৰাগীৰ বাবে আহিছে চাঞ্চল্যকৰ খবৰ । বলীউড এৰি যাবলৈ ওলাইছে কংগনা ৰনৌতে । কংগনাৰ বিষয়ে সকলোৱে জানে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ নিজৰ গৃহ চহৰ হিমাচল প্ৰদেশৰ মণ্ডীৰ হাই-প্ৰফাইল লোকসভা আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে ।
মণ্ডীৰ আসনৰ পৰা টিকট পোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীয়ে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মণ্ডীবাসীক উন্নয়নৰ আশ্বাস প্ৰদান কৰিছে । ইফালে অভিনেত্ৰীগৰাকীৰ অভিনয় যাত্ৰা সন্দৰ্ভত জানিব পৰা গৈছে যে লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে তেওঁ থিয়েটাৰৰ গ্লেমাৰাছ জগত অৰ্থাৎ বি-টাউনক বিদায় দিব ।
বলীউডৰ পৰা আঁতৰি থাকিবনে ‘ৰাণী’ কংগনা ?
কংগনা ৰনৌতে শেহতীয়া নিৰ্বাচনী সভাত শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে নিজকে তুলনা কৰিছে । কংগনা ৰনৌতে কৈছে, ‘অমিতাভ বচ্চনৰ পিচত যদি মানুহে যিকোনো তাৰকাক আটাইতকৈ বেছি ভাল পায়, তেন্তে সেয়া মই ।’ একে সময়তে এই ৰেলীত বলীউডৰ ৰাণীয়ে ইংগিত দিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হ’লে তেওঁ ছবি জগত ত্যাগ কৰিব ।
প্ৰাপ্ত খবৰ অনুসৰি চলচ্চিত্ৰ জগত এৰিবলৈ বিচৰাৰ কাৰণটো হ’ল অভিনেত্ৰীগৰাকীয়ে সাংসদ হোৱাৰ পিচত অঞ্চলটো আৰু নিজৰ অধীনত থকা লোকসকলৰ উন্নয়নৰ বাবে কাম কৰিব বিচাৰে ৷ সেয়ে লাহে লাহে ছবিজগতৰ পৰা আঁতৰি আহিব বুলি কৈছে৷ চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যটো হ’ল যে তেওঁ সম্পূৰ্ণৰূপে ৰাজনীতিত মনোনিৱেশ কৰিব । কংগনাই কৈছে, ‘চিনেমাতো মই বিৰক্ত হওঁ, অভিনেতা আৰু পৰিচালক হিচাপে কাম কৰো, ৰাজনীতিত যদি ভাগ্য ভাল হয় তেতিয়া মানুহে মোৰ লগত যোগ দিব আৰু তেতিয়া মই কেৱল ৰাজনীতিত থাকিম ।’
লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰ সভাত নেহৰু-গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কংগনাৰ - Lok Sabha Election 2024