অসম

assam

বহু বিতৰ্কৰ অন্তত অৱশেষত সাজু ইতিহাস থিয়েটাৰ - Itihash Theatre

By ETV Bharat Entertainment Team

Published : Aug 14, 2024, 7:43 PM IST

Itihash Theatre: অহা ১৬ আগষ্টৰ পৰা আৰম্ভ হ'ব ইতিহাস থিয়েটাৰৰ নতুন নাট্যবর্ষ । চলিত নাট্যবৰ্ষত ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিব তিনিখনকৈ ভিন্নস্বাদৰ নাটক । দীৰ্ঘদিন বিৰতিৰ মূৰত দেখা যাব অভিনেতা যতীন বৰাক ।

ITIHASH THEATRE
কেতিয়াৰ পৰা আৰম্ভ হ'ব ইতিহাস থিয়েটাৰৰ নাট্যবর্ষ ? (ETV Bharat)

গুৱাহাটী, 14 আগষ্ট: নতুন নাট্যবর্ষৰ বাবে সাজু ৰাজ্যৰ প্ৰতিটো আগশাৰীৰ নাট্যদল । প্রতিটো নাট্যদলৰে এতিয়া চলি আছে অন্তিম পৰ্যায়ৰ আখৰা । চলিত মাহতে মঞ্চস্থ হ’ব বহু কেইখন নাটক । সাম্প্রতিক সময়ত বহু বিতৰ্কৰ অন্তত অৱশেষত ভ্রাম্যমাণ নাট্যক্ষেত্রৰ সুপৰিকল্পিত আৰু সু-পৰিচালিত নাট্যদল হিচাপে পৰিগণিত হৈছে সুভাষ দাসৰ দ্বাৰা প্রযোজিত নাট্যদল ইতিহাস থিয়েটাৰ ।

বহু বিতৰ্কৰ অন্তত অৱশেষত মঞ্চস্থ হ’বলৈ সাজু ইতিহাস থিয়েটাৰ (ETV Bharat)

বিগত প্রতিটো বর্ষত ইতিহাস থিয়েটাৰৰ নাটকৰ প্রতি দর্শকে দেখুৱাই অহা সহাঁৰিৰ পৰিপ্রেক্ষিতত এইবাৰ আন এক বিগ বাজেটৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে নাট্যদলটোৱে । চলিত নাট্যবৰ্ষত ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিব তিনিখনকৈ ভিন্নস্বাদৰ নাটক ।

নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ তিনিখনকৈ নাট ক্ৰমে 'জুয়ে পোৰা মানুহ', 'মহাৰাজ' আৰু 'মহাবীৰ লাচিত' দৰ্শক মাজলৈ আহিবলৈ ইতিমধ্যে সাজু হৈছে । নাট্যকাৰ অভিজিৎ ভট্টাচার্যই ইতিহাস থিয়েটাৰৰ প্ৰথম নিশাৰ বাবে ৰচনা কৰা 'জুয়ে পোৰা মানুহ' নাটখন এখনি বিপ্লৱী চেতনাসমৃদ্ধ নাট ৷ লগতে পিতৃ-কন্যাৰ এক হৃদয়স্পর্শী কাহিনীৰে এইবেলি নাট্যদলটোৱে মঞ্চস্থ কৰিব- 'মহাৰাজ' । ইয়াৰোপৰি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে এইবাৰ ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিব 'মহাবীৰ লাচিত' নামৰ নাটকখন ।

বহু বিতৰ্কৰ অন্তত অৱশেষত মঞ্চস্থ হ’বলৈ সাজু ইতিহাস থিয়েটাৰ (ETV Bharat)

ইফালে সুদীৰ্ঘ ৬টা বছৰৰ অপেক্ষাৰ অন্তত চলিত নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক । লগতে অভিনয় কৰিব- শর্মিষ্ঠা চক্রৱর্তী, আশা ৰিয়া ফুকন, অর্চনা বৰা, বিপুল বৰা, চন্দন বৰা, মুহি বৰা, গুঞ্জন চৌধুৰী, চম্পক মেধি, পার্থ কলিতা, মানস শইকীয়া, ছায়ামণি কাশ্যপ আদিয়ে ।

নাটকেইখনৰ আৱহ সংগীত পৰিচালনা কৰিছে অজয় ফুকন আৰু দীপক বৰুৱাই । নাট্যদলটোৰ সহঃ প্রযোজকৰ দায়িত্বত অঞ্জনজ্যোতি দাসৰ লগতে সম্পাদকৰ দায়িত্ব বহন কৰিব জ্যেষ্ঠ সম্পাদক ৰঞ্জিত দত্তই । অহা ১৬ আগষ্টৰ পৰা মির্জা ছোৱালী হাইস্কুল ফিল্ডত নাট্যযাত্ৰাৰ পাতনি মেলি চলিত বৰ্ষত ৰাইজৰ মাজলৈ নাটক কেইখন ওলাই আহিব বুলি জানিবলৈ দিয়ে প্রযোজক সুভাষ দাসে ।

বহু বিতৰ্কৰ অন্তত অৱশেষত মঞ্চস্থ হ’বলৈ সাজু ইতিহাস থিয়েটাৰ (ETV Bharat)

আনহাতে লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপনৰ পিছত এতিয়া মঞ্চত ইতিহাস থিয়েটাৰ গোষ্ঠীয়ে কিদৰে নাটকখনক উপস্থাপন কৰে সেয়াহে লক্ষণীয় হ’ব ৷ বহু বিতৰ্কৰ পিছতো যতীন বৰাক মহাবীৰ লাচিত বৰফুকনৰ চৰিত্ৰত দৰ্শকে গ্ৰহণ কৰিব নে নাই সেয়া ইতিহাস থিয়েটাৰ গোষ্ঠীৰ বাবে এক চিন্তাৰ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক:বহু গৱেষণাৰ অন্তত লাচিত বৰফুকনৰ বিতৰ্কিত ৰূপটো দিয়া হৈছিল ! ৰাইজৰ পৰামৰ্শ বিচাৰি ফোন নম্বৰ মুকলি - JATIN BORA CONTROVERSY

ABOUT THE AUTHOR

...view details