অসম

assam

ETV Bharat / entertainment

স্বাধীনতা দিৱস আৰু বলিউড জগত: দেশপ্ৰেমমূলক ছবিত অনবদ্য অভিনয় কৰা কেইগৰাকীমান অভিনেতা - Independence Day 2024 - INDEPENDENCE DAY 2024

Independence Day 2024 : ভাৰতীয় চলচ্চিত্ৰ হৈছে জীৱনৰ ছবি প্ৰতিফলিত কৰা এক দাপোণ । যাৰ বাবে আমি কেতিয়াবা এই ছবিবোৰত আমাৰ জীৱনৰ বা আমাৰ চৌপাশে ঘটি থকা ঘটনাবোৰৰ প্ৰতিচ্ছবি দেখো । সেইকাৰণেই আমাৰ আৱেগবোৰ চলচ্চিত্ৰৰ কাহিনী আৰু কেতিয়াবা তাত অভিনয় কৰা চৰিত্ৰবোৰৰ সৈতেও সংলগ্ন হৈ পৰে । এই অনুভূতিবোৰৰ ভিতৰত এটা হৈছে দেশপ্ৰেম । এই দেশপ্ৰেমক বহু চলচ্চিত্ৰত সৰ্বশ্ৰেষ্ঠ ৰূপত প্ৰদৰ্শন কৰা হৈছে । আনহাতে, তাত অভিনয় কৰা চৰিত্ৰবোৰো ইমান নিখুঁত যে আমি তেওঁলোকৰ সৈতে নিজৰ ভাবাৱেগ বিচাৰি উলিওৱাৰ পৰা বাধা দিব নোৱাৰো । ডাঙৰ পৰ্দাত নিজৰ চৰিত্ৰত নিখুঁত অভিনয়েৰে দৰ্শকৰ মাজত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰা কেইগৰাকীমান অভিনেতাৰ বিষয়ে জানো আহক ।

Independence Day 2024
স্বাধীনতা দিৱস আৰু বলিউড জগত (ETV Bharat)

By ETV Bharat Entertainment Team

Published : Aug 13, 2024, 4:13 PM IST

চিটাৰা ডেস্ক, ১৩ আগষ্ট :ভাৰতীয় চলচ্চিত্ৰ জগতত প্ৰতিবছৰে বিভিন্ন শ্ৰেণীৰ অগণন ছবি নিৰ্মাণ হয় । এই ছবিবোৰৰ কাহিনীৰ কথা উল্লেখ কৰিবলৈ গ'লে কিন্তু দেশপ্ৰেমমূলক ছবিয়ে এক অনন্য ৰূপত ধৰা দিয়ে । আমি স্বাধীনতা লাভৰ ৭০ বছৰ অতিক্ৰম কৰিলো । কিন্তু আজিও স্বাধীনতা আন্দোলন আৰু দেশপ্ৰেমৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰবোৰ দৰ্শকে ব্যাপকভাৱে আদৰি লয় আৰু এই ছবিবোৰৰ দৰ্শকক ছবিগৃহলৈ আকৰ্ষণ কৰাত এক যাদুকৰী শক্তি আছে ।

চলচ্চিত্ৰ হৈছে এখন সমাজৰ আইনা আৰু দৰ্শকে ইয়াৰ জৰিয়তে নিজৰ ভাবাৱেগৰ সৈতে সংযোগ স্থাপন কৰে । দেশপ্ৰেমৰ অনুভূতিয়ে বৃহৎসংখ্যক দৰ্শকক এনে ধৰণৰ ছবি উপভোগ কৰিবলৈ অনুপ্ৰাণিত কৰে । আনহাতে, এনে বহু অভিনেতা আছে, যিয়ে এই ছবিবোৰত অভিনয়েৰে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি দেশপ্ৰেমিক হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁলোকে এনে চৰিত্ৰৰ জৰিয়তে দৰ্শকৰ পৰা যথেষ্ট মৰম-আদৰ লাভ কৰিছে আৰু সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে । বলীউডৰ এনে কেইগৰাকীমান অভিনেতাৰ বিষয়ে জানো আহক, যিসকলৰ এগৰাকী দেশপ্ৰেমিকৰ চৰিত্ৰত পৰ্দাত বহু আদৰ আছে আৰু তেওঁলোকৰ চৰিত্ৰবোৰে দৰ্শকৰ আৱেগক আকৰ্ষণ কৰে ।

অক্ষয় কুমাৰ

'বলীউডৰ খিলাড়ী' অক্ষয় কুমাৰে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত বিভিন্ন শ্ৰেণীৰ চলচ্চিত্ৰত অভিনয় কৰিছে । কিন্তু দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ সৈতে তেওঁৰ এক সুকীয়া সম্পৰ্ক আছে । তেওঁ এইকথা নিজেই বহুবাৰ পুনৰাবৃত্তি কৰিছে যে যেতিয়া তেওঁ সেনাৰ ইউনিফৰ্ম পিন্ধে, তেতিয়া তেওঁৰ অন্তৰাত্মাত এক অন্য প্ৰকাৰৰ উৎসাহৰ সৃষ্টি হয় । প্ৰণিধানযোগ্য যে অক্ষয় কুমাৰে এয়াৰলিফ্ট, হলিডে'- এ ছ'লজাৰ ইন নেভাৰ অফ-ডিউটী, ৰুস্তম, বেবী, গ'ল্ড, মিছন ৰাণীগঞ্জ, নাম শ্বাবানা, কেশৰী, মিছন মংগল, গব্বৰ ইজ বেক, আব তুমহাৰে হাৱালে ৱতন সাথী আদি চলচ্চিত্ৰত কাম কৰিছে ।

ঋত্বিক ৰোশন

সেনাৰ পোছাকত আটাইতকৈ আকৰ্ষণীয় নায়কসকলৰ মাজৰ এগৰাকী হৈছে ঋত্বিক ৰোশন । এগৰাকী দেশপ্ৰেমিকৰ চৰিত্ৰত অনুৰাগীসকলে তেওঁক অতি ভালপায় । লগতে ঋত্বিকে তেওঁৰ অভিনয়ৰ উপস্থাপন আৰু প্ৰকাশভংগীৰে সকলোৰে হৃদয় জিনিবলৈ সক্ষম হয় । স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱস, ঋত্বিক ৰোশনৰ 'লক্ষ্য' এতিয়াও দৰ্শকে দূৰদৰ্শনত উপভোগ কৰা দেখা যায় । লগতে ইয়াৰ গানবোৰৰ গুঞ্জন এতিয়াও সৰ্বত্ৰে গুঞ্জৰিত হৈ আছে । আনহাতে, ঋত্বিকৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি যুঁজাৰুকো দৰ্শকে আদৰি লৈছে । ছবিখনত তেওঁ শ্বমছেৰ পাঠানিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ছানী দেউল

দেশপ্ৰেমমূলক ছবি আৰু আৰু ছানী দেউল যেন এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি । কিয়নো দেশপ্ৰেমমূলক ছবিৰ কথা উল্লেখ কৰিবলৈ গ'লে ছানী দেউলৰ নাম নল'লে আধৰুৱা হৈ ৰ'ব । তেওঁৰ অভিনীত 'ব'ৰ্ডাৰ' এতিয়াও দৰ্শকৰ বাবে এক বিশেষ অনুভূতি । মুক্তিৰ সময়ত ছবিখন দৰ্শকে যেনেদৰে আঁকোৱালি লৈছিল আজিও সেই উত্তেজনা আছে । পৰ্দাত ছানী দেউলৰ উপস্থিতিয়েই দেশপ্ৰেমৰ উৎসাহ পূৰণ কৰিবলৈ যথেষ্ট । ব'ৰ্ডাৰৰ উপৰি তেওঁ গাদাৰ এক প্ৰেম কথা, ইণ্ডিয়ান, মা তুঝে চালাম, দ্য হিৰো- লাভ ষ্টৰী অব এ স্পাই, শ্বহীদ আৰু শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গাদাৰ-২ ত তেওঁ অতুলনীয় অভিনয় কৰি গৈছে ।

বিকি কৌশল

বলীউডৰ অন্যতম উদীয়মান তাৰকা বিকি কৌশলে নিজৰ কেৰিয়াৰত মাত্ৰ কেইখনমানহে দেশপ্ৰেমমূলক ছবিত অভিনয় কৰিছে । কিন্তু এই ছবিসমূহত তেওঁৰ শক্তিশালী অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছে । দৰ্শকে তেওঁক সেনাৰ পোছাকত অধিক চাব বিচাৰে । তেওঁ 'উৰি : দ্য চাৰ্জিকেল ষ্ট্ৰাইক'ত যি শক্তিশালী অভিনয় কৰি গৈছে, তাৰ দ্বাৰা সকলোৰে মন জয় কৰিছে । আনহাতে, তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি চেম বাহাদুৰক চলচ্চিত্ৰ সমালোচক আৰু দৰ্শকে ভূয়সী প্ৰশংসা কৰিছে । ছবিখনত তেওঁৰ চৰিত্ৰটো সঁচাকৈয়ে প্ৰশংসনীয় আৰু দেশপ্ৰেমেৰে পৰিপূৰ্ণ আছিল ।

সিদ্ধাৰ্থ মালহোত্ৰা

সিদ্ধাৰ্থ মালহোত্ৰায়ো দেশপ্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰি যথেষ্ট প্ৰশংসা লাভ কৰিছে । তেওঁক এই ভূমিকাত প্ৰথমবাৰৰ বাবে 'আয়াৰী' ছবিখনত দেখা গৈছিল । ছবিখনত তেওঁ মেজৰ জয় বক্সীৰ চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ পিচত তেওঁ শ্বেৰশাহত কেপ্টেইন বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিনয় কৰে । এই চৰিত্ৰটোত অভিনয় কৰি তেওঁ সৰ্বস্তৰৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় । ছবিখনত কিয়াৰা আদৱানীয়ে তেওঁৰ বিপৰীতে অভিনয় কৰিছে । ইয়াৰ উপৰি মিছন মজনু ছবিখনতো তেওঁ এগৰাকী দেশপ্ৰেমিকৰ ভূমিকা পালন কৰিছে ।

লগতে পঢ়ক :বিগ বিৰ ধন্যবাদসূচক ভাষণেৰে কে বি চিৰ ১৬ সংখ্যক ছিজন আৰম্ভ - KBC 16th Season
লগতে পঢ়ক :লোকাৰ্নো চলচিত্ৰ মহোৎসৱত কন্যা সুহানা আৰু অভিষেক বচ্চনৰ সৈতে অংশগ্ৰহণ কিং খানৰ - SHAH RUKH KHANS KING

ABOUT THE AUTHOR

...view details