অসম

assam

ETV Bharat / entertainment

ইতিহাসধৰ্মী নাট মহাবীৰ পৃথু মঞ্চস্থ কৰিবলৈ সাজু হৈছে এজাক নাট্যপ্ৰেমী - Historical drama Mahaveer Prithu - HISTORICAL DRAMA MAHAVEER PRITHU

Prabhat Goswami books: অহা 30 ছেপ্টেম্বৰত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ’ব ইতিহাসধৰ্মী নাট ‘‘মহাবীৰ পৃথু’’ । নাটখনৰ ৰচনা বিশিষ্ট নাট্যকাৰ প্ৰভাৱত গোস্বামীৰ । পৰিচালনা স্মিতা বৰ্মনৰ ।

Historical drama 'Mahaveer Prithu' to be staged at Sri Sri Madhavadeva Auditorium
আখৰাৰ দল (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Sep 14, 2024, 1:07 PM IST

গুৱাহাটী, 14 ছেপ্টেম্বৰ : চলিত মাহৰ 30 ছেপ্টেম্বৰত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব ইতিহাসধৰ্মী নাট ‘‘মহাবীৰ পৃথু’’ । বৰ্তমান পূৰ্ণউদ্যোমত চলি আছে নাটকখনৰ আখৰা । ইতিহাস সমৃদ্ধ নাটখনৰ ৰচনা বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ । আনহাতে নাটকখনৰ পৰিচালনা স্মিতা বৰ্মনৰ ।

নাট্যকাৰ প্ৰভাত গোস্বামী (ETV Bharat Assam)

নাটকখন মঞ্চস্থ কৰা সন্দৰ্ভত নাটখনৰ ৰচয়িতা বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীয়ে জনাই, "আমি 30 ছেপ্টেম্বৰ সন্ধিয়া 6.30 বজাত মহানগৰীৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত এই নাটখন মঞ্চস্থ কৰিম । এইখন এখন বুৰঞ্জীমূলক নাটক । 13 শতাব্দীত কামৰূপৰ ৰজা আছিল মহাবীৰ পৃথু ৷ তেতিয়াৰ বখতিয়াৰ খিলিজী, যিয়ে নালন্দা ধ্বংস কৰিছিল বুলি জনা যায়, তেওঁ নালন্দা ধ্বংস কৰি বংগদেশ জয় কৰি কামৰূপৰ মাজেৰে তিব্বতলৈ যাবলৈ আহিছিল আৰু সেই যাত্ৰাৰ সময়ত তিব্বতৰ বৌদ্ধ মঠসমূহ ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল ৷ সেই কথা মহাবীৰ পৃথুৱে জানিব পাৰি তেওঁক পৰাস্ত কৰাৰ অন্য এক পৰিকল্পনা কৰে ৷ নিজ ৰাজ্যৰ মাজেৰে যাবলৈ দি পৰিকল্পনা অনুসৰি পৃথুৱে তেওঁক আগভেটি ধৰি বহু সৈন্য হত্যা কৰে । খিলিজী কোনো মতে পলাই গৈ বংগদেশ পাইগৈ । পৃথুৱে যি দৰে যুদ্ধখন কৰিলে সেয়া সাংঘাতিক এক বীৰত্বৰ কথা । সেই কাহিনীৰ ওপৰতে এই নাটখন ৰচনা কৰা হৈছে ।"

নাটকৰ আখৰা (ETV Bharat Assam)

‘‘কামৰূপৰ বুৰঞ্জী বহুতে নাজানে, যিহেতু বহু বেছি কিতাপ এই বিষয়ত উপলব্ধ নাই ৷’’ এইদৰে মন্তব্য কৰি প্ৰভাত গোস্বামীয়ে পাৰ্যমানে এই ইতিহাসৰ কাহিনী মানুহৰ ওচৰ চপাই নিব বিচৰাৰ আশা প্ৰকাশ কৰে ৷ নাটকখনত মহাবীৰ পৃথুৰ চৰিত্ৰত অভিনয় কৰিব নৱ কোঁৱৰে, বখতিয়াৰ খিলিজীৰ চৰিত্ৰত অভিনয় কৰিব প্ৰাণজিৎ কলিতাই আৰু মন্ত্ৰীৰ চৰিত্ৰত থাকিব ডাঃ কমল দেৱ গোস্বামী ।

নাটকৰ আখৰা (ETV Bharat Assam)
নাটকৰ আখৰা (ETV Bharat Assam)

আনহাতে গুৰুত্বপূৰ্ণ তিনিটা মহিলাৰ চৰিত্ৰত অভিনয় কৰিব গায়ত্ৰী বৰা, চিমি দাস, কৃষ্ণা কল্যাণীয়ে । লগতে নাটকখনত ৰাজু বৰা, জোন বৰা, চিন্ময়, অশ্বিনী ভূঞা, বিশাল, অভিষেক আদিকে ধৰি বহু অভিনেতা-অভিনেত্ৰী আছে । সংগীতৰ কাম ৰণ্টু মহন্তৰ আৰু পোহৰৰ কামত আছে হেমন্ত ৰাজকোঁৱৰ ।

লগতে পঢ়ক :‘চিকাৰ’ লৈ বেছি দিন নাই; সাজু হৈছেনে আপোনালোক ? - Zubeen Garg Assamese film Sikaar

ABOUT THE AUTHOR

...view details