অসম

assam

ETV Bharat / entertainment

‘গোলাই চোৰ’ৰ গোলাই চুৰি বিদ্যা শিকিবলৈ স্কুললৈ আহে শিক্ষাৰ্থী ! - NEW ASSAMESE FILM GULAI SOOR

Zeng Entertainment আৰু অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ বেনাৰত নতুন অসমীয়া ছবি ‘গোলাই চোৰ’ এ ১৭ জানুৱাৰীত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তিলাভ কৰিব ৷

Gulai soor
নতুন অসমীয়া চিনেমা (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 8, 2025, 11:41 AM IST

গুৱাহাটী :বিহুৰ পাছতে উৎপাত কৰিবলৈ আহি আছে নতুন অসমীয়া ছবি 'গোলাই চোৰ'। Zeng Entertainment আৰু অসম ৰাজ্যিক অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন অহা ১৭ জানুৱাৰীত মুক্তিলাভ কৰিব ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে । যোৰহাটৰ এটা অঞ্চলত ঘটি থকা এটা সঁচা ঘটনাৰ আলমত নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ছবিখন ৷ ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ ।

Zeng Entertainment ৰ বেনাৰত নিৰ্মিত ছবিখনৰ নামটোতেই ছবিখনৰ বিষয়বস্তুটো লুকাই আছে । ‘গোলাই চোৰ’ নামৰ এই ছবিখন এজন অভিজ্ঞ চোৰৰ নেতৃত্বত গোট খোৱা কেইগৰাকীমান তীখৰ চোৰৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত । ছবিখন সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ টীম গোলাই চোৰৰ-

গোলাই চোৰ ছবিখনৰ কলা-কুশলীৰ মন্তব্য (ETV Bharat Assam)

ছবিখনৰ পৰিচালক ৰক্তিম কমল বৰুৱাই জনোৱা অনুসৰি গোলাই চোৰ এখন পিৰিয়ডিক হাস্যমধুৰ ছবি । যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাক আলম হিচাপে লৈ এই ছবিখনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছে । আনহাতে বাকী কিছু অংশ কাল্পনিক । ১৯৪৫ চনৰ কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাক লৈ চোৰ আৰু পুলিচ সামৰি এটা কাহিনী হাস্যমধুৰভাৱে ছবিখনত উপস্থাপন কৰা হৈছে । ন-পুৰণি বহু শিল্পীৰ সমাহাৰেৰে নিৰ্মাণ কৰা হৈছে ছবিখন ।

আনহাতে ছবিখনত অভিনয় কৰা অভিনয়-অভিনেত্ৰীসকলে দৰ্শকক ছবিখন চাবলৈ অনুৰোধ জনায় ৷ এখন পিৰিয়ডিক ছবি নিৰ্মাণ কৰিবলৈ তেওঁলোকে কৰিবলগীয়া ত্যাগৰ কথাও সোঁৱৰে তাৰকাসকলে ৷ হাস্যমধুৰ ছবিখনৰ পৰিয়ালৰ সকলোৱে মিলি উপভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে তাৰকামণ্ডলীয়ে । সমগ্ৰ ছবিখন চোৰৰ ওপৰত ভিত্তি কৰিয়ে নিৰ্মাণ কৰা হৈছে । ছবিখনৰ জৰিয়তে ৰাইজে বেলেগে ধৰণৰ এটা আমেজ পাব ।

উল্লেখ্য যে এই ছবিখনত অভিনয় কৰিছে হিমাংশু গগৈ, কেনী বসুমতাৰী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ, মৈত্ৰী দাস, বলীন বৰা, বনদীপ শৰ্মা, জয়ন্ত ভাগৱতী, জয়ন্ত দাস, প্ৰতিভা চৌধুৰীকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে আৰু ছাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ ।

২০২৫ বর্ষত মুক্তি পাবলগীয়া প্ৰথমখন অসমীয়া ছবি হৈছে গোলাই চোৰ । বছৰৰ প্ৰথমখন ছবি হিচাপে দৰ্শকে ছবিখন আঁকোৱালি হ'ব বুলি আশাবাদী ছবিখনৰ সমূহ কলা-কুশলী ।

লগতে পঢ়ক :গোলাই চোৰৰ চুৰি বিদ্যা চাবলৈ সাজুনে আপোনালোক ?

ABOUT THE AUTHOR

...view details