হায়দৰাবাদ : পেছা যেতিয়া নিছা হৈ পৰে, জীৱন জীয়াবলৈ আৰু কি লাগে ৷ কোৱা হয় যে এগৰাকী নাৰীৰ জীৱনত মাতৃত্বৰ সোৱাদ লাভ কৰাটোৱেই এনে এক মুহূৰ্ত য’ত এগৰাকী নাৰীয়ে পূৰ্ণতা অনুভৱ কৰে ৷ এই প্ৰক্ৰিয়াৰেই চলি আছে পৃথিৱী ৷
সঁচাকৈয়ে ভাবিলেই আচৰিত লাগে মাক হ’বলৈ ওলোৱাৰ পূৰ্বৰ যাত্ৰাটোৰ কথা ৷ এটা জীৱনে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে অন্য এটা জীৱন ৷ সুখ-দুখ, ভয়-শংকা, হাঁহি-কান্দোন, বেয়ালগা-ভাললগা সকলো মিশ্ৰিত অনুভৱ সামৰি এটা ন মহীয়া যাত্ৰা ! কিন্তু নাৰী ভগৱানৰ কিমান শক্তিশালী সৃষ্টি ভাবি চাওক, এনে এটা ৰোলাৰ-কোষ্টাৰ ৰাইডত থকাৰ পিছতো নাৰীয়ে কৰি যাব পাৰে দৈনন্দিন কাম, চাকৰি, ব্যৱসায় আৰু ক’ত কি…
আমাক মনোৰঞ্জন যোগোৱা অভিনেত্ৰীসকলৰ জীৱনলৈয়ে মন কৰকচোন ৷ চলচ্চিত্ৰ উদ্যোগত এনে বহু অভিনেত্ৰী আছে যিয়ে অন্তঃসত্বা বুলি জানিও অভিনয় কৰি গৈছিল বা চিনেমাৰ লগত জড়িত অন্য কাম কৰি গৈছিল ৷ অসমৰ ক্ষেত্ৰত যদি আমি ক’বলৈ যাও বৰষা ৰাণী বিষয়াৰ কথা উল্লেখ কৰিব লাগিব ৷ ঠিক তেনেদৰে বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত কৰীণা কাপুৰ খান, আলিয়া ভাট, দীপিকা পাডুকন, কাজলৰ নাম ল’ব পাৰি ৷ এওঁলোকৰ বাহিৰেও অৱশ্যে য়ামী গৌতম, নেহা ধুপিয়াকে ধৰি আৰু বহু এনে অভিনেত্ৰী আছে যিয়ে নাৰীৰ শক্তিশালী ৰূপটো মাতৃত্বৰ যাত্ৰাৰ সময়তো সুন্দৰকৈ প্ৰতিফলিত কৰিছে ৷
বৰষা ৰাণী বিষয়া :
জলীউডৰ আটাইতকৈ মোহনীয় এগৰাকী অভিনেত্ৰী বুলি ক’লেও ভুলকৈ কোৱা নহ’ব ৷ বৰষা ৰাণী বিষয়া এনে এগৰাকী নিজৰ কামক লৈ সমৰ্পিত অভিনেত্ৰী যি হাতে-কামে পাকৈত ৷ অভিনয়ৰ সমান্তৰালকৈ বিহুনাচতো পাৰ্গত বৰষা ৷ বৰষাৰ কামৰ প্ৰতি সমৰ্পণ স্ক্ৰীণত তেওঁৰ অভিনয়ে বাৰুকৈয়ে ফুটাই তোলে ৷
27 বছৰ পূৰ্বে নিৰ্মাণ হোৱা ছুপাৰহিট অসমীয়া ছবি ‘যৌৱনে আমনি কৰে’ ৰ ছিকুৱেল নিৰ্মাণৰ কথা ইতিমধ্যেই প্ৰতিজন অসমীয়া চলচ্চিত্ৰপ্ৰেমী ৰাইজে গম পাইছে ৷ যৌৱনে আমনি কৰে 2 ৰ নিৰ্মাণৰ কামত প্ৰথমৰে পৰা বৰষা জড়িত হৈ আছে ৷ লক্ষ্মী নাৰায়ণ ফিল্মছৰ বেনাৰত অশোক কুমাৰ বিষয়াৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ‘যৌৱনে আমনি কৰে 2’। এই ছবিখনৰ কামত লাগি থকাৰ সময়ত বৰষা অন্তঃসত্বা আছিল ৷ স্বামী ভাস্কৰৰ সহযোগত বৰষাই সেইখিনি সময়তো সাহসেৰে কাম কৰি গৈছিল ৷
কৰীণা কাপুৰ খান :
বলীউডৰ ‘বেবো’ কাৰ প্ৰিয় নহয় ! কৰীণাই ৰূপায়ন কৰা এটা এটা চৰিত্ৰ দৰ্শকৰ মাজত সদায়ে জনপ্ৰিয় হৈ পৰে ৷ লাল সিং চাড্ডা ছবিখনৰ শ্বুটিঙৰ সময়ত কৰীণা গৰ্ভৱতী আছিল ৷ চাৰে পাঁচ মহীয়া অৱস্থাত দ্বিতীয় সন্তানৰ আশাৰ মাজতে 2022 চনত কৰীণাই নিষ্ঠাৰে শ্বুটিং অব্যাহত ৰাখিছিল, নিজৰ কলাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল ।
আলিয়া ভাট :
আলিয়া ভাটৰ বাবে অন্তঃসত্বাৰ পিৰিয়ডটো দুটা কাৰণত বিশেষ, এটাতো এয়া তেওঁৰ প্ৰথম সন্তান, আনহাতে দ্বিতীয়টো এই সময়ছোৱাতে তেওঁ প্ৰথমটো হলীউড প্ৰজেক্ট হাৰ্ট অফ ষ্টোন (2023)ৰ বাবে শ্বুটিং কৰে ৷ এই ছবিখনত সহ-অভিনেত্ৰী হিচাপে আছিল গাল গাডোট । গৰ্ভৱতী হৈ থকাৰ পিছতো প্ৰথম মাহকেইটাত কিছুমান একশ্যন ছিকুৱেন্সৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিছিল আলিয়াই ।
দীপিকা পাডুকন :
কল্কি 2898 এডিৰ ক্লাইমেক্সৰ চিত্ৰগ্ৰহণৰ সময়ত দীপিকা গৰ্ভৱতী আছিল, যাৰ চূড়ান্ত দৃশ্য মুম্বাইত শ্বুট কৰা হৈছিল । ক্লাইমেক্সত দীপিকা পাডুকনৰ অভিনয় আছিল আচৰিত ধৰণৰ, কিয়নো তেওঁ কেবামহীয়া গৰ্ভৱতী হৈ থকাৰ পিছতো নিপুণভাৱে নিজৰ গৰ্ভাৱস্থা লুকুৱাই ৰাখিছিল । তেওঁৰ নিষ্ঠা আৰু পেছাদাৰিত্বই তেওঁক নিৰৱচ্ছিন্নভাৱে অভিনয় কৰিবলৈ অনুমতি দিছিল ৷ ছবিখনৰ চূড়ান্ত দৃশ্যত তেওঁৰ শক্তিশালী চিত্ৰণে কামক লৈ তেওঁৰ নিষ্ঠা ফুটাই তুলিছিল ।
কাজল :
90 দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৷ অভিনেতা শ্বাহৰুখ খানৰ সৈতে কাজলৰ যুটি বলীউডত সকলোৰে প্ৰিয় ৷ এনে এগৰাকী অভিনেত্ৰী যাৰ মুখত অনবৰতে এটা হাঁহি দেখিবলৈ পোৱা যায় ৷ কাজলেও গৰ্ভাৱস্থাৰ সময়ত অভিনয় কৰিছিল ৷ কভী খুশি কভী গম ছবিখনৰ শ্বুটিঙৰ সময়ত কাজল গৰ্ভৱতী আছিল, পিছে এই ছবিখনৰ সময়তে তেওঁৰ গৰ্ভপাত হৈছিল বুলি কাজলে মুকলিকৈ স্বীকাৰ কৰিছে ৷ ইয়াৰ পিছতো কিন্তু তেওঁ অন্তঃসত্বা অৱস্থাত শ্বুটিং কৰিছিল ৷ উই আৰ ফেমিলীৰ সময়ত কাজলে দ্বিতীয় সন্তানৰ আশা কৰি আছিল ৷
য়ামী গৌতম :
2024 চনত আৰ্টিকেল 370 ৰ শ্বুটিং কৰি থকা অৱস্থাত য়ামী গৌতমে নিজৰ গৰ্ভাৱস্থাৰ কথা আৱিষ্কাৰ কৰিছিল, কিন্তু ছবিখনৰ এটা অংশৰ শ্বুটিং তেতিয়াও বাকী আছিল । নিৰুৎসাহিত নহৈ তেওঁ নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰি চিত্ৰগ্ৰহণ অব্যাহত ৰাখিছিল । ছবিখন বছৰটোৰ অন্যতম বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছিল ৷
নেহা ধুপিয়া :
2022 চনত, নেহা ধুপিয়াই প্ৰকাশ কৰিছিল যে বেহজাদ খাম্বাটাৰ দ্বাৰা পৰিচালিত আৰু য়ামী গৌতম অভিনীত এ থাৰ্ছডে’ৰ শ্বুটিং ৰ সময়ত তেওঁ আঠমহীয়া গৰ্ভৱতী আছিল । পৰিচালকজনে নেহাৰ চৰিত্ৰটো গৰ্ভৱতী আৰক্ষী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ স্ক্ৰিপ্টখন সংশোধন কৰিছিল ৷
লগতে পঢ়ক : ছৈফ আলী খানৰ পূৰ্বে আক্ৰমণৰ বলি হোৱা তাৰকাৰ কাহিনী