অসম

assam

ETV Bharat / entertainment

যাৰ কণ্ঠত প্ৰাণ পাইছিল অলকানন্দাই, সেই কণ্ঠই এতিয়া ৰাষ্ট্ৰীয় মঞ্চত লগাব তোলপাৰ - SANKURAJ KONWAR COKE STUDIO BHARAT

শুৱলা কণ্ঠৰ লগতে শংকুৰাজ কোঁৱৰৰ শব্দৰ নিৰ্ভূল উচ্চাৰণ শুনিলে শুনি থাকিবৰ মন যায় ৷ ক’ক ষ্টুডিঅ’ ভাৰত ছিজন 3 ৰ বাবে সাজু হৈছে কোঁৱৰ ৷

Assam's singer Sankuraj Konwar to be a part of  Coke Studio Bharat Season 3
শংকুৰাজ কোঁৱৰ (Photo : Sankuraj Konwar Facebook)

By ETV Bharat Entertainment Team

Published : Feb 13, 2025, 5:26 PM IST

হায়দৰাবাদ : 2017 চনত প্ৰথমবাৰৰ বাবে এটি কণ্ঠই শ্ৰোতাৰ হৃদয় জুৰাইছিল ‘কি বেদনাতে’ শীৰ্ষক এটি গীতেৰে ৷ প্ৰথমবাৰৰ বাবে তেওঁৰ কণ্ঠ শুনিয়েই সেই সুৰীয়া কণ্ঠৰ প্ৰেমত পৰিছিল অসমৰ শ্ৰোতা-দৰ্শক ৷ এনে এক যাদুকৰী কণ্ঠ, যি কেৱল গানৰ বাবেই নহয়, শব্দৰ নিখুঁত উচ্চাৰণৰ বাবেও বাৰুকৈয়ে প্ৰশংসিত অনুৰাগীৰ মাজত ৷ হয় আপোনালোকে ভবাৰ দৰে আমি শংকুৰাজ কোঁৱৰৰ কথাই উল্লেখ কৰিছো ৷

শংকুৰাজ কোঁৱৰ অসমৰ এটা সম্পদ ৷ অসমৰ জনপ্ৰিয় সংগীতশিল্পীসকলৰ ভিতৰত শংকুৰাজ কোঁৱৰৰ নাম অন্যতম হিচাপে গণ্য কৰা হয় ৷ ইন্দ্ৰধনু, তোমালৈ বৰষা, অলকানন্দা, এনে লাগে, অংকিতা, কাৰ আগমন এই আটাইবোৰ শংকুৰাজৰ খুবেই জনপ্ৰিয় গান ৷ সংগীতজগতখনত খোপনি পুতিবলৈ আৰম্ভ কৰাৰে পৰা এটাৰ পিছত আন এটা শ্ৰুতিমধুৰ গীতেৰে অনুৰাগীৰ হৃদয় জিনি আহিছে কণ্ঠশিল্পীগৰাকীয়ে ৷

অসম গৌৰৱ শংকুৰাজ কোঁৱৰ এতিয়া সাজু হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত নিজৰ যাদু দেখুৱাবলৈ ৷ অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে ক’ক ষ্টুডিঅ’ ভাৰত ছিজন 3 ৰ অংশ হ’ব শংকুৰাজ কোঁৱৰ ৷ যোৰহাটৰ পৰা ওলাই গৈ বিশ্ব প্ৰতিষ্ঠিত মঞ্চ এখনত নিজকে উপৱিষ্ট কৰিব পৰাটো নিশ্চয়কৈ এটা সপোন পূৰণৰ দৰে ৷

ক’ক ষ্টুডিঅ’ ভাৰতে শংকুৰাজৰ সৈতে সহযোগিতা কৰি নিজৰ ইনষ্টাগ্ৰাম পে’জত শংকুৰাজৰ এটা ভিডিঅ’ আপলোড কৰিছে ৷ ভিডিঅ’টোৰ কেপশ্যনত লিখা আছে, "এখন হৃদয় যিয়ে গান গাই , এটা মন যিয়ে সৃষ্টি কৰে ❤️ @shankuraj_konwarmusical সংগীত যাত্ৰা, যোৰহাটৰ পৰা বিশ্ব মঞ্চলৈ, এক মনোমোহা অভিনয়েৰে ক’ক ষ্টুডিঅ’ ভাৰত ছিজন ৩ ত শিখৰত উপনীত হয় । তেওঁৰ আত্মাস্পৰ্শী কণ্ঠ আৰু সুন্দৰ কাহিনী কোৱাৰ দ্বাৰা আপ্লুত হ'বলৈ সাজু হওক !"

শংকুৰাজৰ এই জয়যাত্ৰা অব্যাহত থাকক ৷ অক্ষুণ্ণ থাকক এই নিভাজ জনপ্ৰিয়তা ৷ ক্ৰমান্বয়ে বাঢ়ি আহিছে কোঁৱৰৰ অনুৰাগীৰ সংখ্যা ৷ সৰ্বাধিক ব্যৱহৃত ছ‘চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰাম আৰু ফেচবুকত শংকুৰাজৰ অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে 87 হাজাৰ আৰু 81 হাজাৰ ৷

লগতে পঢ়ক :শংকুৰাজ-দীপলিনা, প্ৰবীণ-নাহিদৰ কণ্ঠত প্ৰেমৰ গান, উপভোগ কৰক প্ৰেমাস্পদৰ সৈতে

ABOUT THE AUTHOR

...view details