অসম

assam

ETV Bharat / entertainment

কান্ধত গদা লৈ শুকুৰবাৰে ছবিগৃহলৈ আহিবলৈ সাজু হৈছে জয় হনুমেন

১৮ অক্টোবৰত ছবিগৃহলৈ আহিব অসমীয়া ছবি ‘জয় হনুমেন’। মঙলবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।

By ETV Bharat Entertainment Team

Published : 5 hours ago

Assamese movie Joy Hanu man premiere show at Anuradha Cineplex Guwahati
সাজু জয় হনুমেন (ETV Bharat Assam)

গুৱাহাটী, 16 অক্টোবৰ :মাজত মাথো আৰু এটা দিন বাকী । বহু প্ৰত্যাশাৰ অন্তত অহা শুকুৰবাৰ অৰ্থাৎ ১৮ অক্টোবৰত ছবিগৃহলৈ আহি আছে অসমীয়া ছবি ‘জয় হনুমেন’ । মঙলবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।

প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তিৰ লগতে ‘জয় হনুমেন’ৰ সমূহ কলা-কুশলী । জয় হনুমেনৰ প্ৰিমিয়াৰ শ্ব’ত দৰ্শকৰ সঁহাৰিয়ে উৎফুল্লিত কৰি তোলে ছবিখনৰ দলটোক ৷

বহু বিতৰ্কৰ মাজেৰে আহি আছে জয় হনুমেন (ETV Bharat Assam)

ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ স্পৰ্ধা নাই: হিমাংশু প্ৰসাদ দাস

‘জয় হনুমেন’ ছবিখনৰ লগতে ছবিখনক লৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত পৰিচালক হিমাংশু প্ৰসাদ দাসে কয়, “প্ৰথম কথা হৈছে মোৰ দেউতাৰ ৮০ বছৰ হৈ গৈছে আৰু তেওঁ এজন হিন্দু ব্যক্তি । গতিকে দেউতাৰ অনুভূতিত আঘাত কৰাৰ মোৰ কোনো স্পৰ্ধা নাই, উদ্দেশ্য নাই । গতিকে হিন্দু ধৰ্মক আঘাত কৰা বুলি যিবোৰ কথা কোৱা হৈছে, ছবিখন চালে প্ৰত্যেকে ক’ব যে আচলতে সেই ধৰ্মক আঘাত কৰাটো দূৰৰ কথা, বৰং সেই আস্থাক আমি সন্মানহে জনাইছো । ছবিখনৰ মূল বিষয়টো ধৰ্ম নহয়েই, ছবিখনৰ মূল বিষয় অন্য এটা জ্বলন্ত সমস্যা । ছবিখন চালে দৰ্শকে বিষয়টো বুজিব পাৰিব ।”

লগতে পঢ়ক :ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ জৰাজীৰ্ণ ৰূপ দেখি খং উঠিল হনুমেনৰ

কি কাৰণে পৰিচালক হিমাংশুৱে ক’লে জয় হনুমেনৰ প্ৰদৰ্শন বন্ধ কৰাৰ কথা - Assamese movie Joy Hanu man

নাৰ্ভাছ হৈ আছে অভিনেত্ৰী অমৃতা গগৈ

“হিমাংশু দাৰ লগত এইটো মোৰ প্ৰথমটো কাম । মাতৃ হোৱাৰ পাছত ছবিলৈ মোৰ প্ৰত্যাৱৰ্তন বুলিয়ে ক’ব লাগিব । বহুবছৰৰ বিৰতিৰ পাছত মোৰ নিজৰেই ছবিৰ প্ৰিমিয়াৰ চাবলৈ আহিছো । কি কৰিছো, কেনেকুৱা কৰিছো একেবাৰে নাজানো । আশা কৰো দৰ্শকে ছবিখন চাই ভাল পাব ।” এই ভাষ্য অভিনেত্ৰী অমৃতা গগৈৰ ৷

আহিবলগীয়া এই ছবিখনত হনুমেনৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ বড়োৱে ৷ অমৃতা গগৈ, জয় কাশ্যপ, অন্যন্যা কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজাৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামি বৰা, নৱজ্যোতি নাথ, জিণ্টু কুমাৰ কাশ্যপ আদিকে ধৰি বহু অভিনেতা-অভিনেত্ৰীৰ সমাহাৰেৰে ছবিখন নিৰ্মাণ কৰা হৈছে ।

ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমূৰীয়া আৰু অধিৰাজ কাশ্যপৰ । ইফালে, ১৮ অক্টোবৰত অসমৰ বিভিন্ন ঠাইত মুক্তি লাভ কৰাৰ লগতে দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, নয়ডা আৰু গোৱাতো মুক্তি লাভ কৰিব ছবিখনে ।

লগতে পঢ়ক :বিতৰ্কত ‘জয় হনুমেন’; সনাতন ধৰ্মৰ ভগৱানক অপমান কৰাৰ অভিযোগ

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে নেকি ‘জয় হনুমেন’ ? - Himanshu Prasad Das Joy Hanu Man

ABOUT THE AUTHOR

...view details