গুৱাহাটী : গুজৰাটৰ গোধৰা কাণ্ডক লৈ শেহতীয়াকৈ মুক্তি পাইছে বিক্ৰান্ত মেছি অভিনীত ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ । দেশৰ আটাইতকৈ বেদনাদায়ক ঘটনাবোৰৰ ভিতৰত এটা গোধৰা কাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখন । ছবিখনে মুক্তিৰ পিছতে দেশজুৰি যথেষ্ট চৰ্চা লাভ কৰিছে ।
চৰ্চিত চিনেমাখন চাবলৈ শুকুৰবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ চিনেমা হলত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে । ছবিখন উপভাগ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ছবিখন গুজৰাটৰ অমানৱীয় হত্যাকাণ্ডৰ ওপৰত প্ৰস্তুত কৰা হৈছে । এই বোলছবিখন সৰ্বসাধাৰণ লোকে চাব লাগে, কাৰণ এই ঘটনাৰ পিছতেই গোটেই দেশত সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈছিল । গুজৰাটৰ অমানৱীয় হত্যাকাণ্ডৰ আঁৰত কোন চক্ৰ জড়িত হৈ আছিল সেয়াও ছবিখনত দেখুওৱা হৈছে । সেয়েহে সকলোকে ছবিখন চাবলৈ অনুৰোধ জনাই তেওঁ ।
শেহতীয়াকৈ এই ছবিখনক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও প্ৰশংসা কৰিছে ৷ ইয়াৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলেও ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ক প্ৰশংসা কৰিছে । লগতে বিভিন্ন ৰাজ্যত ইয়াক কৰমুক্ত কৰাৰ কথাও ঘোষণা কৰিছে ।