যোৰহাট : দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰি দেশৰ নিম্নগামী অৰ্থনীতি পুনৰুদ্ধাৰ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ সান্নিধ্য লাভ আৰু তেওঁ অসমৰ বাবে কৰা কামৰ কথা ৰোমন্থন কৰে দুবাৰকৈ নিম্ন সদনৰ আসন শুৱনি কৰা প্ৰাক্তন সাংসদ তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভ্ৰাতৃ দীপ গগৈয়ে ।
তেওঁ কয়, "দুবাৰকৈ অসমৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ দুটা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱা ড৹ মনমোহন সিঙক লৈ অসমবাসীয়ে সদায় গৌৰৱবোধ কৰে ।"
তেওঁ লগতে কয়, "তেওঁৰ কাৰ্যকালতেই দেশৰ অৰ্থনীতিৰ পুনৰ উত্থান হৈছিল আৰু তেওঁ যেতিয়া নৰসিংহ ৰাও মন্ত্ৰীসভাৰ বিত্ত মন্ত্ৰী আছিল তেতিয়া তেওঁ উদাৰীকৰণ নীতি গ্ৰহণ কৰিছিল । তেতিয়া তেওঁক সকলোৱে সমালোচনা কৰিছিল । কাৰণ এনে হ'লে দেশৰ সৰু সৰু কোম্পানীবোৰ মৰি যাব । কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ কোম্পানীয়ে বিদেশৰ মাটিত আধিপত্য বিস্তাৰ কৰিছিল ।"
অসমলৈ বৰঙণি সন্দৰ্ভত দীপ গগৈয়ে কয়, "তেওঁ অসম তথা নৰ্থ-ইষ্টৰ বাবে বহু উল্লেখনীয় কাম আৰু নীতি গ্ৰহণ কৰিছিল । তেওঁ উত্তৰ-পূবৰ বাবে North East Look police নীতি গ্ৰহণ কৰিছিল । অসমৰ সকলো কথা গুৰুত্বসহকাৰে গ্ৰহণ কৰিছিল । সেয়েহে নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ তেওঁৰ কাৰ্যকালত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অনুমোদন হৈছিল । বৰ্তমান সেই কাম চলি আছে ।"
প্ৰাক্তন সাংসদ দীপ গগৈয়ে লগতে কয়, "চীন দেশে অৰুণাচলক নিজৰ অংগৰাজ্য হিচাপে ঘোষণা কৰিছিল । ফলত অৰুণাচলৰ লগত যাতায়াত ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে যুদ্ধ সামগ্ৰী নিবৰ বাবে ধলা-শদিয়া দলং নিৰ্মাণ কৰিছিল (বৰ্তমান ভূপেন হাজৰিকা সেতু)। ইয়াৰ লগতে বগীবল দলঙৰ ক্ষেত্ৰতো তেওঁ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছিল । দেশত বিদ্যুতৰ চাহিদা পূৰণ কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল ।"
দেশৰ অৰ্থনীতিৰ আমূল পৰিবৰ্তনৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ'মাবাই প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা কৰা বুলিও তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে বৃহস্পতিবাৰে বাৰ্ধক্যজনিত কাৰণত দিল্লী এইমছত নিশা ৯.৫১ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ৭ দিনীয়া ৰাজ্যিক শোক পালনৰ কথা ঘোষণা কৰিছে । এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা ৷ লগতে সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী এসপ্তাহৰ বাবে বাতিল কৰা হৈছে । সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।