ETV Bharat / entertainment

ৰূপালী পৰ্দাৰ তাৰকাৰ পোষ্ট-ষ্ট’ৰীত ড৹ মনমোহন সিঙৰ ফটো; শোকস্তব্ধ শিল্পীসমাজ - CELEBS PAY TRIBUTE MANMOHAN SINGH

ড৹ মনমোহন সিঙৰ দেহাৱসান । ছানী দেওল, চিৰঞ্জীৱী, মাধুৰী দীক্ষিতকে ধৰি বহু চলচ্চিত্ৰ তাৰকাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

Dr Manmohan Singh passed away, Sunny Deol, Chiranjeevi and other Celebs pay tribute to former PM
শোকস্তব্ধ শিল্পীসমাজ (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : 17 hours ago

হায়দৰাবাদ : বৃহস্পতিবাৰে (২৬ ডিচেম্বৰ) প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ দেহাৱসান ঘটে । তেওঁক নিশা প্ৰায় ৮ বজাত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সছত (এইমছ) ভৰ্তি কৰোৱা হৈছিল । ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ স্থপতি হিচাপে পৰিচিত মনমোহন সিঙে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশবাসীক শোকাকুল কৰি তুলিছে । সমান্তৰালকৈ, চলচ্চিত্ৰ উদ্যোগৰ চেলেব্ৰিটীসকলে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

ছানী দেওল :

ভাৰতীয় চিনেমাত বলিষ্ঠ অভিনয়ৰ বাবে বিখ্যাত অভিনেতা ছানী দেউলে এক্স (পূৰ্বৰ টুইটাৰ)ত এটা বাৰ্তা শ্বেয়াৰ কৰিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ছানী দেওলে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা গঢ় দিয়াত মনমোহন সিঙৰ ভূমিকাক প্ৰশংসা কৰিছে । তেওঁ লিখিছে, "ড৹ মনমোহন সিঙৰ মৃত্যুত মই গভীৰভাৱে দুখী, তেওঁ আছিল এজন দূৰদৰ্শী নেতা যিয়ে ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁৰ বুদ্ধিমত্তা, সততা আৰু জাতিৰ উন্নয়নত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব । অন্তৰৰ পৰা সমবেদনা জ্ঞাপন কৰিলো ।"

চিৰঞ্জীৱী :

দক্ষিণৰ মেগাষ্টাৰ চিৰঞ্জীৱীয়েও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । এক্সত মনমোহন সিঙৰ সৈতে তেওঁৰ এখন স্মৰণীয় ছবি শ্বেয়াৰ কৰিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰি তেওঁ লিখিছে, "এজন মহান ৰাজনীতিবিদ ড৹ মনমোহন সিং জীৰ মৃত্যুত অত্যন্ত দুখী । এতিয়ালৈকে সৰ্বাধিক উচ্চ শিক্ষিত, ভদ্ৰ, মৃদুভাষী আৰু নম্ৰ নেতা ড৹ মনমোহন সিং জীক আমাৰ দেশেই জন্ম দিছে । বিত্তমন্ত্ৰী হিচাপে তেওঁৰ দূৰদৰ্শী আৰু খেল সলনি কৰা অৱদান আৰু তাৰ পিছত একেৰাহে দুটা কাৰ্যকালৰ বাবে ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ অতি সফল কাৰ্যকাল ইতিহাসত চিৰদিনৰ বাবে খোদিত হৈ থাকিব ।"

তেওঁ লগতে আৰু লিখিছে, "মই নিজকে বিশেষ আৰু সৌভাগ্যৱান বুলি বিবেচনা কৰো যে তেওঁৰ দৰে এজন শক্তিশালী ব্যক্তিৰ কাৰ্যকালত এজন সংসদ সদস্য আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছো । মই সদায় তেওঁৰ সৈতে মোৰ বাৰ্তালাপ আৰু তেওঁৰ পৰা লাভ কৰা অনুপ্ৰেৰণা আৰু জ্ঞানক লালন-পালন কৰিম । এইটো আমাৰ দেশৰ বাবে এক ডাঙৰ ক্ষতি । তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ মোৰ গভীৰ সমবেদনা । মনমোহনজীৰ আত্মাই শান্তি লাভ কৰক । ওম শান্তি ।"

মাধুৰী দীক্ষিত :

Dr Manmohan Singh passed away, Sunny Deol, Chiranjeevi and other Celebs pay tribute to former PM
প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ (Instagram Story)

মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতে । নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ছবি শ্বেয়াৰ কৰি তেওঁ লিখিছে, "ড৹ মনমোহন সিঙৰ যাত্ৰা আৰু দেশৰ প্ৰতি তেওঁৰ সেৱাই প্ৰকৃত বুদ্ধিমত্তা আৰু শালীনতাৰ প্ৰতিফলন ঘটায় । তেওঁৰ নেতৃত্বই আমাক সোঁৱৰাই দিয়ে যে নিৰৱ দৃঢ়তাই পাহাৰ লৰচৰ কৰিব পাৰে । এজন অসাধাৰণ নেতা আৰু তাতোকৈ অসাধাৰণ মানুহ । তেখেতৰ পৰিয়াল আৰু অগণন আপোনজনৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ওম শান্তি ।"

ৰিতেশ দেশমুখ :

বলীউডৰ অভিনেতা ৰিতেশ দেশমুখে এক্সত তেওঁৰ পিতৃ বিলাসৰাও দেশমুখৰ সৈতে মনমোহন সিঙৰ ছবি শ্বেয়াৰ কৰিছে আৰু সেই মুহূৰ্তটো মনত পেলাই তেওঁ লিখিছে, "আজি আমি ভাৰতৰ এজন শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰীক হেৰুৱালো । যিজন ব্যক্তিয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশক গতি প্ৰদান কৰিছিল । তেওঁ আছিল মৰ্যাদা আৰু নম্ৰতাৰ প্ৰতীক । তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতি আমি সদায় ঋণী হৈ থাকিম । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক । ধন্যবাদ মনমোহন সিং জী ।"

সঞ্জয় দত্ত :

সঞ্জয় দত্তই এক্সত ড৹ মনমোহন সিঙৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে । তেওঁ তেওঁৰ পোষ্টত লিখিছে, "ড৹ মনমোহন সিং জীৰ মৃত্যুত মই গভীৰভাৱে দুখিত । আমি ভাৰতলৈ তেওঁৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰিম ।"

নিম্ৰত কৌৰ :

নিম্ৰত কৌৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, "এজন পণ্ডিত-ৰাজনীতিবিদ, ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ স্থপতি, তেওঁৰ অতুলনীয় বুদ্ধি আৰু নম্ৰতাই আমাৰ দেশৰ গাঁথনিত এক অমলিন ছাপ পেলাইছিল । ড৹ মনমোহন সিঙৰ আত্মাই শান্তি লাভ কৰক । সতনাম ৱাহে গুৰু ।"

ৰণদ্বীপ হুড্ডা :

ৰণদ্বীপ হুড্ডাই ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । "ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো যাৰ বিশিষ্ট নেতৃত্ব আৰু ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণৰ সুবিধাত গুৰুত্বপূৰ্ণ ভূমিকাই দেশখনক পৰিৱৰ্তন কৰিছিল । তেওঁৰ বুদ্ধি আৰু সততা সদায় মনত থাকিব । তেওঁৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা । ওম শান্তি ।"

মনোজ বাজপেয়ী :

মনোজ বাজপেয়ীয়েও মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, "আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যুত মই দুখিত । এজন ৰাজনীতিবিদ যাৰ আমাৰ দেশৰ উন্নয়নৰ প্ৰতিটো দিশত অৱদান সদায় স্মৰণীয় হৈ থাকিব । তেওঁৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা ।"

দিশা পাটানী:

দিশা পাটানীয়ে লিখিছে, "প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং এজন দূৰদৰ্শী নেতা আছিল যিয়ে ভাৰতৰ অৰ্থনীতি সলনি কৰিছিল । তেওঁৰ বুদ্ধি আৰু অৱদান সদায় মনত থাকিব । দেশে তেওঁলৈ বহুত মনত পেলাব । তেওঁৰ পৰিয়াললৈ মোৰ সমবেদনা ।"

কপিল শৰ্মা :

বিখ্যাত কমেডিয়ান কপিল শৰ্মাই টুইট কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে । তেওঁ নিজৰ টুইটত লিখিছে, "আজি ভাৰতে নিজৰ এজন শ্ৰেষ্ঠ নেতাক হেৰুৱালে । ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ স্থপতি তথা সততা আৰু নম্ৰতাৰ আইকন ড৹° মনমোহন সিঙে এৰি থৈ গৈছে প্ৰগতি আৰু আশাৰ উত্তৰাধিকাৰ । তেওঁৰ বুদ্ধিমত্তা, নিষ্ঠা আৰু দৃষ্টিভংগীয়ে আমাৰ দেশক সলনি কৰি পেলালে । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক । ড৹ সিং। আপোনাৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি ।"

দিলজিৎ দোছাঞ্জ :

প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৃত্যুত পঞ্জাবী গায়ক-অভিনেতা দিলজিৎ দোছাঞ্জে শোক প্ৰকাশ কৰিছে । তেওঁ তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক আৱেগিক টোকাৰে তেওঁৰ দুখ প্ৰকাশ কৰিছে, য’ত তেওঁ ড৹ মনমোহন সিঙৰ এখন ফটোৰ সৈতে 'ওহ ৱাহে গুৰু' বুলি লিখে ।

এইমছে জনোৱা মতে, বয়সৰ লগত জড়িত ৰোগৰ বাবে ৯২ বছৰ বয়সত মনমোহন সিঙৰ মৃত্যু হয় । ২০০৪ চনৰ পৰা ২০১৪ চনলৈ তেওঁ দুবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে কংগ্ৰেছে জয়লাভ কৰাৰ পিছত ২০০৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰিছিল । ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ দ্বিতীয়টো কাৰ্যকাল সম্পূৰ্ণ কৰে । ইয়াৰ পিছত ২০১৪ চনত তেওঁৰ ঠাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাদী দখল কৰে ।

লগতে পঢ়ক : চলচ্চিত্ৰ নিৰ্মাতা-চিত্ৰনাট্যকাৰ ভাস্কৰজ্যোতি দাসৰ শেষনিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.