গুৱাহাটী: দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ অজ্ঞান হৈ পৰাৰ পিছত এইমছ দিল্লীত তেওঁক ভৰ্তি কৰোৱা হয় আৰু তাতেই শেষনিশ্বাস ত্যাগ কৰে । এই দুখৰ খবৰ সমগ্ৰ দেশতে বিয়পি পৰাৰ লগে লগে সকলোৱেই অতি অমায়িক প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে ৷
অসমৰো এখন বিশেষ ঘৰত পৰিছে শোকৰ ছাঁ । কিয়নো এই বিশেষ ঘৰখনৰ লগত প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ আছিল বিশেষ সম্পৰ্ক । সেই বিশেষ ঘৰখন হ’ল গুৱাহাটীৰ সৰুমতৰীয়াস্থিত গৃহ নং ৩৯৮৯ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ঘৰ এইখন । এই ঘৰখনতে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৯১ চনৰ পৰা ভাৰতীয়া হিচাপে আছিল । সেই সময়ত ৭০০ টকা প্ৰতি মাহে দি ঘৰটো ভাৰালৈ লৈছিল ।
বৃহস্পতিবাৰে নিশা হঠাৎ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষনিশ্বাস ত্যাগ কৰাৰ পাছত শোকত ভাগি পৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰিয়াল তথা পত্নী ড৹ হেমপ্ৰভা শইকীয়া । ই টিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত ড৹ হেমপ্ৰভা শইকীয়াই শোক প্ৰকাশ কৰি কয়, ‘‘মনমোহন সিঙক ভাৰাতীয়া হিচাপে পাই গৌৰৱান্বিত অনুভৱ কৰিছিলো । তেখেত কেৱল ভাৰাতীয়া হিচাপে নহয়, ঘৰুৱা হিচাপে সম্পৰ্ক আছিল আমাৰ শইকীয়া পৰিয়ালৰ লগত । মই তেওঁক নিজ হাতেৰে আহাৰ ৰান্ধি খুৱাইছিলো । ১৯৯১ চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হৈ বিত্তমন্ত্ৰী হৈছিল তেতিয়াৰ পৰা ৭০০ টকাকৈ ভাৰা দি আছিল আমাৰ এই ঘৰটোত ।’’
২০১৪ চনত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে অন্তিমবাৰলৈ ভাৰাঘৰটোলৈ অহা বুলি উল্লেখ কৰি কয়, ‘‘প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে দীঘলীয়া সময় আছিল গুৱাহাটীৰ ভাৰাঘৰটোত । সেই সময়ত তেওঁ যদিও আমাৰ ঘৰতে আছিল তথাপিও আমি তেওঁক বৰকৈ আমনি কৰা নাছিলো । তেওঁৰ নিচিনা এজন মানুহৰ সান্নিধ্য পোৱাটোৱেই আমাৰ বাবে ডাঙৰ কথা ।’’
উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পৰাই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমতে ভোটাধিকাৰ সাব্যস্ত কৰিছিল । ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল । কেন্দ্ৰটোত নির্বাচনী ভোটাৰ তালিকাত ড৹ সিঙৰ নাম ৬২৩ নম্বৰত আৰু তেওঁৰ পত্নীৰ নাম ৬২৪ নম্বৰত আছিল ।
লগতে পঢ়ক: ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ড৹ মনমোহন সিঙৰ মৃত্যুত দেশজুৰি ৭ দিনীয়া শোক পালন