গুৱাহাটী, 19 মে’:মুগাৰ সাজ পৰিধান কৰি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই । এই সন্দৰ্ভত এক ফেচবুক পোষ্টযোগে অভিনেত্ৰীগৰাকীয়ে সদৰী কৰে, "তৃতীয়বাৰৰ বাবে Cannes Film Festival ৰ ৰেড কাৰ্পেটত খোজ দিওঁতে এইবেলিও নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে খোজ দিলোঁ । দুশ বছৰীয়া পুৰণি ফুল বছা মুগাৰ সাজ, হাতত গামখাৰু, অসমীয়া গামোচা, ৰিহা আৰু খোপাত কপৌফুলেৰে Cannes Film Festivalৰ ঐতিহ্যৰে ভৰা ৰেম্পত আমাৰ ঐতিহ্য-গৌৰৱক সাৱটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত হ’লোঁ ।"
উল্লেখযোগ্য যে ডিজাইনাৰ মমিতা শৰ্মাই প্ৰস্তুত কৰি উলিওৱা গজ বুটা আৰু গাম খাৰুৰ দৰে প্ৰাচীন অসমীয়া ডিজাইনেৰে সু-সজ্জিত মুগাৰ মেখেলা-চাদৰ পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটৰ ওপৰত খোজ দিয়ে অসমৰ প্ৰখ্যাত অভিনেত্ৰী আইমী বৰুৱাই । মুগা সূতাক এক বিলাসিতা হিচাপে গণ্য কৰা আহোম ৰাজবংশৰ সময়ৰ পৰাই সু-পৰিচিত অসমৰ এক প্ৰাচীন শৈলী, গজ বুটা আৰ্হি হৈছে মূলতঃ বৈশিষ্ট্যপূৰ্ণ ফুল আৰু জ্যামিতিক আকৃতিৰ জটিল সংমিশ্ৰণ ।
লগতে পঢ়ক:কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় তাৰকাৰ চমকলগা ৰূপ - Cannes 2024