গুৱাহাটী : অহা ১৭ জানুৱাৰীত মুক্তি পাবলগীয়া নতুন অসমীয়া ছবি ‘‘কেচটো নগেন’’ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । চলিত বৰ্ষৰ ৯ মে’ তাৰিখে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে । এখন মোশ্যন পিকচাৰৰ জৰিয়তে মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতা গোষ্ঠীয়ে ।
‘‘কেচটো নগেন’’ ছবিখন চলিত ২০২৫ বৰ্ষৰ এখন প্ৰত্যাশিত ছবি ৷ দৰ্শক তথা নিৰ্মাতাই এই ছবিখনক লৈ যথেষ্ট আশা কৰিছে ৷ কেচটো নগেন এই শব্দ দুটা প্ৰায় প্ৰতিগৰাকী অসমীয়াৰে চিনাকি ৷ কিবা এটা ঘটিলেই বা নতুন কিবা খবৰ শুনিবলৈ পালেই মুখৰ পৰা ওলাই আহে কেচটো নগেন বুলি ৷ সেই শব্দই এতিয়া পালে চিনেমাৰ শিৰোনাম ৷
২০০০ চনত মুক্তিপ্রাপ্ত হিন্দী চিনেমা ‘‘হেৰা ফেৰি’’ৰ বিখ্যাত সংলাপ ‘‘গোলমাল হে ভাই, গোলমাল হে’’ সংলাপটোৰ দৰেই কেচটো নগেন সংলাপটো ৷ সকলোৱে কেতিয়াবা নহয় কেতিয়াবা কৰবাত এই আপ্ত বাক্য দুটা ব্যৱহাৰ কৰিছে ।
উল্লেখ্য যে, এই ছবিখনৰ কাহিনীভাগ বাস্তৱমুখী । জনসাধাৰণক প্ৰতাৰণা কৰি হাঁহিমুখে লুণ্ঠনৰাজ চলোৱা একাংশৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ । বৰ্তমান সময়ত ট্ৰেডিঙৰ জৰিয়তে যিদৰে বিত্তীয় কেলেংকাৰী হৈ আছে তেনেকুৱা এটা বিত্তীয় কেলেংকাৰীৰ ওপৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।
ছবিখনৰ পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত ট্ৰেডিঙকলৈ বিত্তীয় কেলেংকাৰী আৰম্ভ হোৱাৰ পূৰ্বেই এই ছবিখনৰ শ্বুটিং কৰা হৈছিল । ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী, মার্চ মাহতে কৰা হৈছিল ছবিখনৰ দৃশ্যগ্ৰহণ । ছবিখনৰ দৃশ্যগ্ৰহণ চানডুবিৰ জৰাংখুৰিয়া গাঁৱত কৰা হৈছে ।
RKZ films ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, অমৃতা গগৈ, পুৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ ।
মন কৰিবলগীয়া কথাটো হ’ল যে ১৭ জানুৱাৰীত মুক্তি পাব আন এখন প্ৰত্যাশিত অসমীয়া ছবি ‘‘গোলাই চোৰ’’ । দুইখন ছবিৰে মুক্তিৰ সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি কেচটো নগেন ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে । দুয়োখন নতুন অসমীয়া ছবিকে লৈ আশাবাদী ছবিৰ পৰিচালক তথা কলা-কুশলীসকল ।