গুৱাহাটী :তৃতীয় সপ্তাহতো সগৌৰৱেৰে চলি আছে অসমীয়া ছবি ‘অভিমন্যু’ ৷ বিগত ১৫ নৱেম্বৰ তাৰিখে মুক্তি পোৱা বহু প্ৰত্যাশিত অসমীয়া ছবি ‘অভিমন্যু’ৰ প্ৰথম সপ্তাহৰ মুঠ সংগ্ৰহ আছিল প্ৰায় ১ কোটি টকা । আজিৰে পৰা তৃতীয় সপ্তাহৰ যাত্ৰা আৰম্ভ কৰিছে ছবিখনে ৷ ৰাজ্যৰ প্ৰায় ২২ টা ছবিগৃহত দৰ্শকে উপভোগ কৰিবলৈ পাই আছে ছবিখন । শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা অচিন্ত শংকৰৰ ।
উল্লেখ্য যে, মহাভাৰতৰ ‘অভিমন্যু’ৰ কথা সকলোৰে অৱগত । চক্ৰবেহুত সোমাই পিছলৈ ওলাই আহিব নোৱাৰা এগৰাকী যোদ্ধা হিচাপে অভিমন্যুক সকলোৱে চিনি পায় । কিন্তু অচিন্ত শংকৰৰ দ্বাৰা পৰিচালিত এই অসমীয়া ছবি ‘অভিমন্যু’ মহাভাৰতৰ অভিমন্যুতকৈ পৃথক । ছবিখনৰ অভিমন্যুৰূপী প্ৰভাত নামৰ চৰিত্ৰটোৱে চক্ৰবেহুত সোমাই যদিও পিছলৈ প্ৰতিটো চক্ৰবেহুৰ বেহু ভাঙি ওলাই আহিবলৈ সক্ষম হয় ।
সগৌৰৱে চলি আছে 'অভিমন্যু' (ETV Bharat Assam) সগৌৰৱে চলি আছে 'অভিমন্যু' (ETV Bharat Assam) মূলত গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ এই নতুন অসমীয়া ছবিখনৰ একশ্যন কৰিছে দক্ষিণৰ এটা দলে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমল লোচন আৰু দীপলিনা ডেকাই । তেওঁলোকৰ লগতে অভিনয় কৰিছে বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰিম্পি দাস, ভাগৱত প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলি লস্কৰ, অসীম কৃষ্ণ বৰা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলীয়ে ।
সগৌৰৱে চলি আছে 'অভিমন্যু' (ETV Bharat Assam) ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই । অসমৰ লগতে দেশৰ বিভিন্ন স্থানত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ । ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ হিমাংশু নাথৰ । প্ৰদীপ দৈমাৰীৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে । কৰিঅ'গ্ৰাফাৰ দীপক দে’ৰ ।
লগতে পঢ়ক : কুৰুক্ষেত্ৰত নহয় ! ছবিগৃহত ‘অভিমন্যু’