ETV Bharat / entertainment

খো খো বিশ্বকাপৰ প্ৰচাৰৰ গীতটোত কণ্ঠ নিগৰাইছে কন্যা সহিতে ড৹ সংগীতা কাকতিয়ে - SANGITA KAKATI KHOKHO 2025 SONG

খো খো বিশ্বকাপৰ প্ৰচাৰৰ গীতটোত কণ্ঠদান কৰিছে অসমৰ বিশিষ্ট কণ্ঠশিল্পী তথা পৰিচালক ড৹ সংগীতা কাকতিয়ে ৷ লগতে তেওঁৰ কন্যা অনুষ্কা বৰুৱায়ো গীতটোত কণ্ঠদান কৰিছে ৷

etv bharat exclusive interview with singer dr Sangita kakati on her World Cup KhoKho 2025 Song
এক আছুতীয়া সাক্ষাৎকাৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 11 hours ago

Updated : 11 hours ago

গুৱাহাটী : ৰাজ্যৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ এটা ভাল খবৰ । বিশিষ্ট কণ্ঠশিল্পী তথা পৰিচালক ড৹ সংগীতা কাকতিয়ে গৌৰৱান্বিত কৰিলে অসমবাসীক ৷ এই ক্ষেত্ৰত ড৹ সংগীতা কাকতিক সহযোগ কৰিলে তেওঁৰ কন্যা অনুষ্কা বৰুৱাইয়ো ৷ অহা ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া খো খো বিশ্বকাপৰ প্ৰচাৰৰ গীতটোত কণ্ঠদান কৰিছে অসমৰ বিশিষ্ট কণ্ঠশিল্পী তথা পৰিচালকগৰাকীয়ে ৷ লগতে গীতটিত কণ্ঠদান কৰিছে তেওঁৰ কন্যা অনুষ্কা বৰুৱায়ো ।

ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই এই ঐতিহাসিক ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬ খন মহাদেশৰ ২৪ খন দেশে । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৪০ টাকৈ দলে । খো খো বিশ্বকাপৰ প্ৰচাৰৰ গীতটোত কণ্ঠদান কৰাৰ পাছত ইটিভি ভাৰতৰ সাংবাদিকে যোগাযোগ কৰে সংগীতা কাকতি আৰু অনুষ্কা বৰুৱাক ৷ গীতটিত কণ্ঠদান কৰাৰ পৰা আৰম্ভ কৰি কেনেদৰে এই সুযোগ লাভ কৰে আৰু সমগ্ৰ যাত্ৰা কেনেকুৱা আছিল সেই বিষয়ে মাতৃ-কন্যা দুয়োৱে বৰ্ণনা কৰে আমাৰ আগত ৷ আপোনালোকলৈ আগবঢ়ালো এক আছুতীয়া সাক্ষাৎকাৰ-

এক আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)
  • গীতটিত কণ্ঠদানৰ সুযোগ কেনেদৰে লাভ কৰে সংগীতা কাকতিয়ে ?

এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, "এইটো এটা মোৰ বাবে খুব ভাল লগা কথা ৷ খো খো ভাৰতৰ এটা বহু পুৰণি খেল । মহাভাৰতৰ দিনৰ পৰাই এই খেলবিধৰ প্ৰচলন আছে বুলি কোৱা হয় । গীতটিৰ বাবে খো খো ফেডাৰেশ্যন অফ ইণ্ডিয়াই প্ৰায় দুমাহ পূৰ্বে তেওঁলোকৰ সৰ্বভাৰতীয় পৰ্যায়ত এখন অনলাইন বৈঠক হৈছিল । সেই বৈঠকত প্ৰতিখন ৰাজ্যলৈ যিয়ে যেনেদৰে পাৰে প্ৰচাৰ কৰিবলৈ এক অনুৰোধ জনোৱা হৈছিল ।’’

‘‘মোৰ স্বামী উত্তৰ পূৰ্বাঞ্চলৰ খো খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি, লগতে অসম খো খো সন্থাৰো সভাপতি আৰু সেই গতিকে তেওঁ সেইদিনাৰ সেই বৈঠকখনত উপস্থিত আছিল । বৈঠকৰ পিছত তেওঁৱেই মোক ক’লে এটি গীত ৰচনা কৰাৰ কথা । অতি কম সময়ৰ ভিতৰতে মই গীতটি লিখি, সুৰ কৰি সকলোখিনি সাজু কৰিলো । তাৰ পাছত তেওঁলোকলৈ যেতিয়া গীতটি পঠিয়ালো তেওঁলোকে বহুত ভাল পালে । সেই মতে প্ৰচাৰ আৰু প্ৰসাৰৰ কামত গীতটি ব্যৱহাৰ কৰি থকা হৈছে ।’’ কণ্ঠশিল্পীগৰাকীয়ে কয় ৷

‘‘ইয়াৰ পূৰ্বেও খো খোৰ ওপৰত মই বহুকেইটা গীত কৰিছো । এই গীতটি সকলোৱে বুজি পাবলৈ ইংৰাজী ভাষাত কৰা হৈছে । গীতটিত মোৰ লগতে মোৰ কন্যাকো ললোঁ, ইংৰাজী অংশখিনি তাই গাইছে ।" কণ্ঠশিল্পীগৰাকীয়ে কয় ৷

অনুষ্কা বৰুৱায়ো এই গীতটিৰ সৈতে জড়িত হ’বলৈ পাই নিজৰ সুখ ব্যক্ত কৰে ৷ বিদ্যালয়ত খেলি থকা খেল এটাক লৈ গান গাবলৈ পোৱাটো সুখৰ কথা বুলি উল্লেখ কৰে অনুষ্কাই ৷ সংগীত চৰ্চা সন্দৰ্ভত অনুষ্কাই কয় যে মাকৰ পৰাই তাই বহুখিনি শিকাৰ সুযোগ-সুবিধা পাইছে ৷ আনহাতে নৃত্যটো ৰাপ থকাৰ কথা ব্যক্ত কৰে বৰুৱাই ৷ এই গীতটিৰ সংগীত ব্যৱস্থাপনা মৌচম বৰাৰ, ভিডিঅ’ কৰিছে অমৃত বসুমতাৰীয়ে ।

লগতে পঢ়ক : অস্কাৰ ২০২৫ৰ প্ৰতিদ্বন্দ্বী তালিকাত অন্তৰ্ভুক্ত ৭খন ভাৰতীয় ছবি উপলব্ধ OTT ত

Last Updated : 11 hours ago
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.