চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী: চিনেমা জগতৰ পৰা আহিছে এক অতি দুখজনক খবৰ ৷ সুপৰিচিত অভিনেত্ৰী সুহানী ভাটনাগৰৰ দেহাৱসান ৷ মাত্ৰ ১৯ বছৰ বয়সতে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে সুহানীয়ে ৷ সম্প্ৰতি সুহানীৰ মৃত্যুৰ খবৰত মৰ্মাহত হৈ পৰিছে অনুৰাগীসকল ৷ ‘দংগল’ৰ অভিনেত্ৰীগৰাকী উভতি অহাৰ বাবে মানুহে অপেক্ষা কৰি আছিল যদিও তেওঁৰ মৃত্যুৰ খবৰৰ পিছত সকলো মৰ্মাহত হৈ পৰিছে ৷
ফৰিদাবাদৰ বাসিন্দা সুহানী ভাটনাগৰৰ মৃত্যুৰ কাৰণ সমগ্ৰ শৰীৰত অত্যধিক পৰিমাণে পানী জমা হোৱা বুলি জানিব পৰা গৈছে ৷ কিছুদিন পূৰ্বে সুহানী এটা দুৰ্ঘটনাত পতিত হৈছিল, যাৰ বাবে তেওঁৰ ভৰিখন ভাঙি গৈছিল ৷ দীৰ্ঘদিন ধৰি দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি হৈ আছিল ৷ সুহানীয়ে চিকিৎসাৰ বাবে খোৱা ঔষধবোৰৰ এনে পাৰ্শ্বক্ৰিয়া হৈছিল যে লাহে লাহে তেওঁৰ শৰীৰটোত পানীৰে জমা হ’বলৈ আৰম্ভ কৰে ৷
সুহানী ভাটনাগৰ কোন আছিল ?
সুহানী ভাটনগৰ আছিল বলীউডৰ এগৰাকী সুপৰিচিত শিশু শিল্পী ৷ আমিৰ খানৰ ব্লকবাষ্টাৰ ছবি ‘দংগল’ (২০১৬)ৰ পৰা তেওঁ লাইমলাইট লাভ কৰিছিল ৷ ছবিখনত জুনিয়ৰ ববিতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছিল সুহানীয়ে ৷ ছবিখনত তেওঁৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল ৷ লগতে বহু টিভিৰ বিজ্ঞাপনতো তেওঁ কাম কৰিছিল ৷
কিয় ছবিৰ পৰা আঁতৰি আছিল সুহানী ভাটনাগৰ ?