গুৱাহাটী, 21 জানুৱাৰী : সাজু হওক মহানগৰবাসী ৷ অহা 27 আৰু 28 জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ বহু প্ৰত্যাশিত ফেশ্বন শ্ব’ নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক (এনইআইএফডব্লিউ)– 2024 ৰ অষ্টম সংস্কৰণ । গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ছাউথ পইণ্ট স্কুলৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান ।
উল্লেখ্য যে, নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক ধাৰাবাহিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে বিবেচিত হৈ অহাৰ লগতে ভাৰত তথা সমগ্ৰ বিশ্বৰ উচ্চাকাংক্ষী আৰু প্ৰখ্যাত ফেশ্বন ডিজাইনাৰসকলক আকৰ্ষণ কৰি আহিছে । এই ফেশ্বন উইকতে এক উদাৰ লক্ষ্যৰে অংশগ্ৰহণকাৰীসকলে একত্ৰিত হৈ নিজৰ অনন্য ডিজাইন প্ৰদৰ্শন কৰি আহিছে ।
এন ই আই এফ ডব্লিউৰ প্ৰাৰম্ভিক বিষয়বস্তু হৈছে "সকলোৰে বাবে ফেশ্বন", যাৰ অৰ্থ হৈছে ডিজাইনাৰৰ বাহিৰেও ফেশ্বনৰ প্ৰতি আগ্ৰহী শিশু, কিশোৰ আৰু মহিলাসকলৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰা । ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফেশ্বন অনুৰাগীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । এনইআইএফডব্লিউ কেৱল এটা ফেশ্বন অনুষ্ঠানেই নহয়, বৰং সামাজিক উদ্দেশ্যৰ বাবেও এয়া এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে । অনুষ্ঠানটোৰ সামাজিক বিষয়বস্তু পূৰ্বে আছিল বৃদ্ধাশ্ৰমৰ বাবে, চকু আৰু অংগ দান, বৃক্ষ ৰোপণ আৰু পৰিৱেশ সুৰক্ষা, আন্তৰ্জাতিক বেচৰকাৰী সংস্থা পি ই টি এ তথা অন্য একাধিক পশু কল্যাণ সংগঠনৰ সহযোগত জীৱ-জন্তুক আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰা ।