নতুন দিল্লী : অৱসৰৰ পিছৰ খৰচৰ বাবে সঞ্চয় কৰাৰ সৰ্বোত্তম বিকল্প হ’ল ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা (NPS)। এয়া চৰকাৰী আঁচনি । সেয়েহে ইয়াত বিনিয়োগ কৰাটো সম্পূৰ্ণ নিৰাপদ ।
ইয়াত বিনিয়োগ কৰিলে দীৰ্ঘকালীনভাৱে এক বৃহৎ পুঁজিৰ সৃষ্টি হয়, যিটো অৱসৰৰ পিছৰ সময়চোৱাৰ বাবে অতি উপযোগী । ইয়াৰ উপৰিও প্ৰতিমাহে পেন্সনৰ ৰূপত নিয়মীয়া আয়ো আছে । কিন্তু, গ্ৰাহকৰ বয়স ৬০ বছৰ হোৱাৰ পিছত এই সুবিধাসমূহ উপলব্ধ ।
কিন্তু এই কাৰণেই বহুতেই আকৌ NPS ত বিনিয়োগ নকৰে ৷ কিয়নো কিছুলোকে অনুভৱ কৰে যে যদি তেওঁলোকক ৬০ বছৰৰ পূৰ্বেই টকাৰ প্ৰয়োজন হয়, তেন্তে NPS ত জমা হোৱা ধন তেওঁলোকৰ কোনো কামত নাহে । কিন্তু সেয়া সঁচা নহয়। গ্ৰাহকৰ ৬০ বছৰ বয়স হোৱাৰ আগতেই NPS ৰ পৰা ধন উলিওৱাৰ অনুমতি আছে ৷
অৱশ্যে NPS ৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত আপুনি কিছু নিয়ম বা চৰ্তৰ বিষয়ে জানিব লাগিব ৷ সেয়া তলত বিৱৰণ কৰা হ’ল -
আংশিক ধন উলিওৱাৰ ক্ষেত্ৰত : NPS একাউণ্ট খোলাৰ তিনি বছৰৰ পিছতহে গ্ৰাহকে কিছু ধন উলিয়াব পাৰিব । চৰ্ত হ’ল গ্ৰাহকে তেওঁৰ মুঠ বৰঙণিৰ ২৫ শতাংশ উলিয়াব পাৰিব । ইয়াৰ ভিতৰত নিয়োগকৰ্তাৰ অৱদান অন্তৰ্ভুক্ত নহ’ব । PFRD এই কিছুমান বিশেষ পৰিস্থিতিত ২৫ শতাংশ অৱদান প্ৰত্যাহাৰৰ অনুমতি দিছে ।
- গ্ৰাহকে নিজৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ধন উলিয়াব পাৰিব ।
- গ্ৰাহকে নিজৰ বা নিজৰ সন্তানৰ বিয়াৰ বাবে এই ধন উলিয়াব পাৰে ।
- যদি গ্ৰাহকৰ ঘৰ নাথাকে, তেন্তে সেই টকা তেওঁ উলিয়াই ঘৰ কিনিব বা ঘৰ বনাব পাৰে ।
- গ্ৰাহকে নিজৰ, পত্নী/স্বামী বা সন্তানৰ চিকিৎসাৰ বাবে ধন উলিয়াব পাৰে । কিন্তু, এই ধন কেৱল কেন্সাৰ, বৃক্ক আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবেহে উলিয়াব পাৰিব।
মন কৰিবলগীয়া যে, NPS ৰ কাৰ্যকালত গ্ৰাহকে তিনিবাৰকৈ আংশিকভাৱে উলিওৱাৰ অনুমতি দিয়া হৈছে । এটা উলিওৱাৰ পৰা পিছৰটোৰ মাজত কমেও ৫ বছৰৰ ব্যৱধান থাকিব লাগে ।
- সময়ৰ পূৰ্বেই এই ধন উলিওৱা (৬০ বছৰ বয়সৰ আগতে উলিওৱা) : যদি কোনো কাৰণত গ্ৰাহকে ৬০ বছৰ বয়সৰ আগতেই NPS ৰ পৰা ধন উলিয়াব বিচাৰে, তেন্তে তেওঁ একাউণ্ট খোলাৰ ১০ বছৰৰ পিছত সেই ধন উলিয়াব পাৰিব । কিন্তু, ইয়াৰ বাবেও কিছু চৰ্ত আছে ।
- কৰ্পাছৰ ৮০ শতাংশ বাৰ্ষিকী ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগে । এই বাৰ্ষিকীৰ পৰা প্ৰতিমাহে পেঞ্চন পাব ।
- কৰ্পাছৰ ২০ শতাংশ অৰ্থাৎ মুঠ ৰেডি ফাণ্ড এককালীনভাৱে উলিয়াব পৰা যায় ।