এই প্ৰতিযোগিতামূলক পৃথিৱীখনত উদ্যোগসমূহৰ প্ৰয়োজনীয়তা সকলো সময়তে সলনি হৈ আছে । তেনেক্ষেত্ৰত চাকৰি এটা পাবলৈ, কেৱল শিক্ষাগত অৰ্হতাই পৰ্যাপ্ত নহয়, উপযুক্ত কাৰিকৰী দক্ষতাৰো প্ৰয়োজন । ইয়াৰ উপৰিও, কোম্পানীবোৰে সাক্ষাৎকাৰৰ সময়ত কিছুমান অন্তৰ্নিহিত দক্ষতা থকা প্ৰাৰ্থীসকলৰ প্ৰতিহে যথেষ্ট আগ্ৰহ দেখুৱায় । আপোনাৰ আছেনে এনে ধৰণৰ দক্ষতা যাৰ বাবে কোম্পানী এটাই আপোনাক প্ৰত্যাখ্যান কৰাৰ আগতে ভাবিবলৈ বাধ্য হ’ব ? জানি লওক-
নতুন কিবা শিকাৰ আগ্ৰহ আছেনে ?
সেই দিন এতিয়া গ'ল যেতিয়া উচ্চ শিক্ষা শেষ কৰাৰ পিচত চাকৰি এটা গোটাই লোৱাটো সহজ আছিল । এতিয়াৰ দিনত যদি আপোনাৰ সঠিক দক্ষতা নাই, তেন্তে বছৰ বছৰ ধৰি কোম্পানীৰ দুৱাৰত টুকুৰিয়াই ঘূৰি ফুৰি একো লাভ নাই ৷ আমি পৰিৱৰ্তনশীল প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰিলেহে জীয়াই থাকিব পাৰিম । তাৰ বাবে আপুনি এজন নিৰন্তৰ শিক্ষাৰ্থী হ'ব লাগিব । যদি আপোনাৰ নতুন বস্তু শিকাৰ, নতুন কথা জনাৰ আগ্ৰহ আছে আৰু লগতে সেইদৰে আপুনি নিজকে আপডেট কৰি ৰাখে তেন্তে আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ আছে ৷
কিবা এটা বিষয়ক লৈ আপুনি কৌতূহলী হয়নে ?
পৃথিৱীত নিতৌ আহি থকা ট্ৰেণ্ড অনুসৰি নতুন বস্তু শিকিবলৈ আগ্ৰহী হোৱা উচিত । কোম্পানীবোৰে সেইসকল লোককহে চাকৰি দি আছে যিসকল সদায় অভিনৱ চিন্তাৰে বিকশিত হৈ আছে আৰু নতুনকৈ যিকোনো কথা চিন্তা কৰাৰ দক্ষতা যাৰ আছে । এনে মানৱ সম্পদৰ সদায় চাহিদা থাকে । গতিকে সাক্ষাৎকাৰৰ সময়ত এই দক্ষতাৰ উদাহৰণ দিবলৈ চেষ্টা কৰক ৷
জীৱনত আগবাঢ়ি যোৱাৰ ইচ্ছা আপোনাৰ আছেনে ?