নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী :ভাৰত ভ্ৰমণলৈ অহা গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছ মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হয় । উল্লেখ্য যে ২১-২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাইছিনা আলোচনা, ২০২৪ৰ মুখ্য অতিথি আৰু মুখ্য অধ্যক্ষ হৈছে গ্ৰীক প্ৰধানমন্ত্ৰী ।
"হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী কে মিটচোটাকিছক তেওঁৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱাৰ বাবে উষ্ম আদৰণি জনাইছোঁ । বিমানবন্দৰত ৰাজ্যিক মন্ত্ৰী এম লেখিয়াটে তেওঁক স্বাগতম জনায় । প্ৰধানমন্ত্ৰী মিটচোটাকিছ ৰাইচিনা আলোচনা, ২০২৪ৰ মুখ্য অতিথি আৰু মুখ্য অধ্যক্ষ ।" বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্স পোষ্টত কয় ।
প্ৰধানমন্ত্ৰী মিটচোটাকিছৰ সৈতে জ্যেষ্ঠ বিষয়া আৰু এক উচ্চ ক্ষমতাসম্পন্ন ব্যৱসায়িক প্ৰতিনিধি দলো আহি ভাৰতত উপস্থিত হৈছে । ইয়াৰ পূৰ্বে গ্ৰীক বৈদেশিক মন্ত্ৰী জিঅৰ্গোছ গেৰাপেট্ৰাইটিছ ৰাইচিনা আলোচনাত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হয় । তেওঁ মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে আৰু দুয়োগৰাকী নেতাই ভাৰত-গ্ৰীচ আৰু ভাৰত-ইউৰোপ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে ।
ইফালে ৰাইচিনা আলোচনাত অংশগ্ৰহণ কৰিবলৈ একাধিক দেশৰ প্ৰতিনিধি ভাৰতত উপস্থিত হয় । ছুইডেনৰ বৈদেশিক মন্ত্ৰী টবিয়াছ বিলষ্ট্ৰম আৰু লাটভিয়াৰ বৈদেশিক মন্ত্ৰী ক্ৰিছজানিছ কাৰিন্স মঙলবাৰে ভাৰতত উপস্থিত হয় ।
ইয়াৰ উপৰি ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়ংপো ডি এন ধুংগিয়েল, লিথুৱেনিয়াৰ বৈদেশিক মন্ত্ৰী গেব্ৰিয়েলিয়াছ লেণ্ডচবাৰ্গিছ আৰু এষ্টোনিয়াৰ বৈদেশিক মন্ত্ৰী মাৰ্গাছ চাহকনাও সন্মিলনৰ বাবে ভাৰতত উপস্থিত হৈছে । আনহাতে, শ্লোভাক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰী আৰু ডাচ্চ বৈদেশিক মন্ত্ৰী হাঙ্কে ব্ৰুইনছলটো মঙলবাৰে ভাৰতত উপস্থিত হয় ।