নেশ্যনেল ডেস্ক, 18 আগষ্ট:প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকক যৌন উৎপীড়ন চলাই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সমগ্ৰ দেশজুৰি ৷এই ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তেপশ্চিমবংগ চৰকাৰে ‘ৰাত্ৰিৰেৰ সাথী’ নামৰ এক এপ মুকলি কৰিছে ৷ নিশাৰ ভাগত কৰ্মৰত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই এপটো ।
শনিবাৰে এখন সংবাদমেলৰ জৰিয়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে এই পদক্ষেপ গ্ৰহণৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।
এক প্ৰেছ বিজ্ঞপ্তিযোগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে কয়, "আৰ জি কৰ কাণ্ডৰ পিছত মহিলা নিৰাপত্তাৰ কথা চিন্তা কৰি মুকলি কৰা হৈছে নতুন এপ । নিশাৰ ভাগত কাম কৰা মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷"
বন্দ্যোপাধ্যায়ে পুনৰ কয়, "‘ৰাত্ৰিৰেৰ সাথী’ বা ‘হেলপাৰ্ছ অৱ দ্য নাইট’ নামেৰে নামকৰণ কৰা এই মোবাইল এপটো এলাৰ্ম ডিভাইচেৰে বিশেষভাৱে সজ্জিত হ’ব । এই এপটো সকলো কৰ্মৰত মহিলাৰ বাবে বাধ্যতামূলক হ’ব আৰু স্থানীয় আৰক্ষী থানা আৰু আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযুক্ত হ’ব । যিকোনো আতংকময়/জৰুৰীকালীন পৰিস্থিতিৰ সময়ত হেল্পলাইন নং 100/112 ব্যাপকভাৱে ব্যৱহাৰ কৰিব লাগে ৷"
এই পদক্ষেপৰ অধীনত মহিলাসকলৰ বাবে সুকীয়া প্ৰস্ৰাৱগাৰৰ সৈতে বিশ্ৰামগৃহ থাকিব ৷
বিজ্ঞপ্তিযোগে বন্দ্যোপাধ্যায়ে কয়, "চিচিটিভি আৰু ইয়াৰ নিৰীক্ষণৰ দ্বাৰা সম্পূৰ্ণ কভাৰেজৰ সৈতে মহিলাসকলৰ বাবে নিৰাপদজনক স্থান নিশ্চিত কৰা হ'ব । চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়, জিলা চিকিৎসালয়ত নিৰাপত্তা পৰীক্ষা আৰু ব্ৰেথালাইজাৰ পৰীক্ষা কৰা হ'ব । কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন সম্বন্ধীয় গোচৰ নিষ্পত্তিৰ বাবে এখন বিশাখা সমিতি গঠন কৰিবলৈ সকলো সংস্থাক অনুৰোধ কৰা হ'ব যদিহে কৰা হোৱা নহয় ।"