নেশ্য়নেল ডেস্ক, 26 জানুৱাৰী:ইটোৰ পিচত সিটো দুৰ্ঘটনাত পতিত হৈছে বন্দে ভাৰত এক্সপ্ৰেছ ৷ গণৰাজ্য দিৱসৰ দিনাই বিয়লি দিল্লীৰ পৰা কানপুৰলৈ যোৱা বন্দে ভাৰত ৰে'ল এখন দিল্লী-হাওৰা ৰে'লপথৰ আচলদা ষ্টেচনৰ ওচৰত ট্ৰেকত পৰি থকা এটা খুঁটাত খুন্দা খাই দুৰ্ঘটনাত পতিত হয় ৷
জানিব পৰা মতে প্ৰকৃততে, ৰে’লৱে ট্ৰেক নিৰ্মাণৰ বাবে খুঁটাবোৰ অনা হৈছিল ৷ তাৰে কিছু ৰে’লপথৰ সমীপতে পৰি আছিল ৷ এই দুৰ্ঘটনাটোত ৰে’লখনৰ সন্মুখৰ অংশটো ক্ষতিগ্ৰস্ত হয় । অৱশ্যে, এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই ৷ সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দিল্লী-হাওৰা ৰেলপথৰ ডাউন ৰে’ললাইনৰ আচলদা ষ্টেচনৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাত পতিত হোৱা ৰে’লখন ২২৪১৬ বন্দে ভাৰত এক্সপ্ৰেছ বুলি জানিব পৰা গৈছে ৷