নেশ্যনেল ডেস্ক, ৬ জুন : ক্ৰমাৎউত্তৰকাশীত বৃদ্ধি পাইছে বৰষুণৰ মাত্ৰা ৷ যাৰ বাবে উত্তৰকাশী জিলাৰ উচ্চ হিমালয়ৰ সহস্ত্ৰতাল ট্ৰেকিঙৰ উদ্ধাৰ অভিযান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । উদ্ধাৰ অভিযানত বাৰে বাৰে বতৰে প্ৰত্যাহ্বান ৰূপত থিয় দিছে ।
৫ জুন, বুধবাৰে বিয়লি ৩ বজাৰ পৰা উচ্চ হিমালয় অঞ্চলত ধাৰাষাৰ বৰষুণ হয় ৷ যাৰ ফলত এছডিআৰএফ আৰু বায়ুসেনাই উদ্ধাৰ অভিযান সাময়িকভাৱে বন্ধ কৰিবলগীয়া হয় । সহস্ত্ৰতালত এতিয়াও আৱদ্ধ হৈ আছে তিনিটা মৃতদেহ ৷
ইতিমধ্যে সকলোৰে জ্ঞাত যে, সহস্ত্ৰতাল ট্ৰেকত প্ৰতিকূল বতৰৰ বাবে ১০ জন লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছিল । ইয়াৰে এতিয়ালৈকে মাত্ৰ পাঁচটা মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । একে সময়তে এছডিআৰএফ আৰু বায়ুসেনাই ১৩ জন আৰোহণকাৰীৰ নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
সহস্ত্ৰতাল ট্ৰেকৰ উদ্ধাৰ অভিযানৰ সৈতে জড়িত সকলো তথ্য দি উত্তৰাখণ্ড মাউণ্টেইনিং অৰ্গেনাইজেশ্যনৰ সভাপতি বিষ্ণু প্ৰসাদ ছেমৱালে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘প্ৰশাসনে সহস্ত্ৰতালত আবদ্ধ হৈ থকা আৰোহণকাৰীৰ সকলো তথ্য পোৱাৰ লগে লগে কেইঘণ্টামানৰ ভিতৰতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । সেয়ে হয়তো ২২ জনীয়া আৰোহণকাৰীৰ দলটোৰ ১৩ জনকে লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷’’
‘‘ইতিমধ্যে ৯ জন লোকৰ মৃত্যু হয় ৷ ইয়াৰে পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, কিন্তু চাৰিটা মৃতদেহ এতিয়াও তাতে আবদ্ধ হৈ আছে ৷ মৃতদেহ কেইটা উদ্ধাৰৰ বাবে অভিযান চলি আছে ৷ কিন্তু বুধবাৰে বিয়লি ৩ বজাৰ পাচত বতৰ বেয়া হোৱা বাবে উদ্ধাৰ অভিযান বন্ধ কৰিব লগা হয় ।’’ তেওঁ কয় ৷
কেনেকৈ গম পোৱা গ’ল যে আৰোহনকাৰী সহস্ত্ৰতালত আবদ্ধ হৈ পৰাৰ কথা :
বিষ্ণু প্ৰসাদ ছেমৱালে প্ৰায় ২৫ বছৰ ধৰি মাউণ্টেইনাৰৰ ক্ষেত্ৰখনত কাম কৰি আহিছে । তেওঁ কয় যে যোৱা ৪ জুন তাৰিখে বিয়লি প্ৰায় ৩ বজাত তেওঁৰ হোৱাটছএপ গ্ৰুপত এখন চিঠি আহিছিল । তাত কোনো বিশেষ ব্যক্তিৰ নাম লিখা নাছিল যদিও তাত লিখা কথাবোৰ পঢ়ি অনুমান কৰিব পৰা গ’ল যে ট্ৰেকিং কৰিবলৈ যোৱা কেবাজনো লোক কোনোবা ডাঙৰ বিপদত পৰিছে । তেওঁলোকক যিমান পাৰি অতি সোনকালে সহায়ৰ প্ৰয়োজন ।
তাৰ পাচতে বিষ্ণুপ্ৰসাদ ছেমৱালে ততাতৈয়াকৈ এই পত্ৰখন সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে । প্ৰশাসনৰ কাম-কাজৰ প্ৰশংসা কৰি বিষ্ণুপ্ৰসাদ ছেমৱালে কয় যে তেওঁৰ চিঠি প্ৰেৰণ কৰাৰ কিছু সময়ৰ পাচতে উদ্ধাৰ ব্যৱস্থাটো সক্ৰিয় হৈ পৰে ।
অৱশ্যে প্ৰশ্ন হয় যে সহস্ত্ৰতালত ম’বাইলৰ নেটৱৰ্কে কাম কৰে নেকি ? এই সন্দৰ্ভত বিষ্ণুপ্ৰসাদ ছেমৱালে কয় যে আৰোহণকাৰী দলটোৰ কোনোবা নিশ্চয় ১১০০০ ফুট উচ্চতাত অৱস্থিত কুশু কল্যাণী ট্ৰেকলৈ আহিছিল আৰু তাৰ পৰাই তেওঁ কাৰোবাৰ ম’বাইলৰ জৰিয়তে এই চিঠিখন চহৰলৈ প্ৰেৰণ কৰিছে ।