নতুন দিল্লী :ভাৰতীয় ৰে'ল ব্যৱস্থাপনা সেৱাৰ বিষয়া নিয়োগৰ আঁচনিৰ পৰিৱৰ্তনৰ পিছতে প্ৰস্তুতিৰ বাবে প্ৰাৰ্থীসকলক পৰ্যাপ্ত সময় দিয়াৰ উদ্দেশ্যে ইউপিএছচিয়ে শুকুৰবাৰে অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ (Engineering Services Examination-2025) স্থগিত ৰাখিছে । আইআৰএমএছত নিযুক্তি অসামৰিক সেৱা পৰীক্ষা আৰু ইএছইৰ জৰিয়তে কৰা হ'ব বুলি চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতে এই ঘোষণা কৰা হৈছে ।
ইউপিএছচিয়ে জাৰী কৰা বিবৃতি অনুসৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ইএছই-২০২৫ৰ প্ৰাৰ্থীসকলক পৰ্যাপ্ত সময় দিবলৈ আয়োগে ইএছই (প্ৰাৰম্ভিক) আৰু ইএছই (মুখ্য) পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।
কেতিয়া হ'ব অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ ?
বিবৃতি অনুসৰি ইএছই (প্ৰাৰম্ভিক) ২০২৫ আৰু ইএছই (মুখ্য) ২০২৫ এতিয়া ক্ৰমান্বয়ে ৮ জুন আৰু ১০ আগষ্টত অনুষ্ঠিত হ'ব । ইউপিএছচিৰ পৰীক্ষাৰ বাৰ্ষিক কাৰ্যসূচী অনুসৰি ইএছই ২০২৫ৰ বাবে জাননী যোৱা ১৮ ছেপ্টেম্বৰত জাৰী কৰা হৈছিল । যাৰ আবেদন গ্ৰহণৰ অন্তিম তাৰিখ আছিল ৮ অক্টোবৰ । ইএছই প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল ।
কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত