নিউজ ডেস্ক, ২৯ ফেব্ৰুৱাৰী : অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰ বাবে বৃহস্পতিবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে । কিয়নো কেন্দ্ৰীয় কেবিনেটে বৃহস্পতিবাৰে অনুমোদন জনোৱা দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা হ'বলগীয়া তিনিটাকৈ ছেমি কণ্ডাক্টৰ বা অৰ্ধপৰিবাহী গোটৰ ভিতৰত অসমে লাভ কৰিছে এটা । মৰিগাঁৱত স্থাপন হ'ব এই গোটটো । উল্লেখ্য যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত কেন্দ্ৰীয় কেবিনেটে বৃহস্পতিবাৰে 'ভাৰতত অৰ্ধপৰিবাহীৰ বিকাশ আৰু উৎপাদন পৰিস্থিতিতন্ত্ৰ প্ৰদৰ্শন'ৰ অধীনত এই তিনিটা অৰ্ধপৰিবাহী গোট স্থাপনত অনুমোদন জনায় ।
কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পিছত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰ'নিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই তিনিওটা গোটে আগন্তুক ১০০ দিনৰ ভিতৰত নিৰ্মাণকাৰ্য আৰম্ভ কৰিব ।
"আজি প্ৰধানমন্ত্ৰীয়ে দেশত অৰ্ধপৰিবাহী ফেব স্থাপনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । প্ৰথম বাণিজ্যিক অৰ্ধপৰিবাহী ফেবটো টাটা আৰু পাৱাৰচিপ-টাইৱানৰ দ্বাৰা স্থাপন কৰা হ'ব । এই প্ৰকল্পটো ধোলেৰাত স্থাপন হ'ব ।" তেওঁ কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তিনিওটা গোটত বিনিয়োগ হ'ব ১.২৬ লাখ কোটি টকা ।
অসমৰ অৰ্ধপৰিবাহী এটিএমপি গোটটোৰ কথা উল্লেখ কৰি বিজ্ঞপ্তিটোত কোৱা হৈছে যে টাটা অৰ্ধপৰিবাহী এছেম্বলী আৰু টেষ্ট প্ৰাইভেট লিমিটেডে (TSAT) মৰিগাঁৱত এটা অৰ্ধপৰিবাহী গোট স্থাপন কৰিব ।
এই গোটটো ২৭,০০০ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা হ'ব । "টিএছএটি অৰ্ধপৰিবাহকে ফ্লিপ চিপ আৰু আইএছআইপি (পেকেজত একত্ৰিত ব্যৱস্থা) প্ৰযুক্তিকে ধৰি থলুৱা উন্নত অৰ্ধপৰিবাহী পেকেজিং প্ৰযুক্তি বিকশিত কৰি আছে । ইয়াৰ ক্ষমতা প্ৰতিদিনে 48 নিযুত । ইয়াত অন্তৰ্ভুক্ত খণ্ডবোৰৰ ভিতৰত আছে অটোম'টিভ, বৈদ্যুতিক বাহন, উপভোক্তা ইলেক্ট্ৰ'নিকছ, টেলিকম, মোবাইল ফোন ।" বিজ্ঞপ্তিটোত কোৱা হৈছে ।
"তিনিওটা গোটে আগন্তুক ১০০ দিনৰ ভিতৰত নিৰ্মাণকাৰ্য আৰম্ভ কৰিব । তাৰ পৰা প্ৰতিমাহে 50,000 ৱেফাৰ নিৰ্মাণ কৰা হ'ব । এই সুবিধাৰ জৰিয়তে বছৰি ৩০০ কোটি চিপ নিৰ্মাণ কৰা হ'ব । উত্তৰ-পূৰ্বাঞ্চলে অসমত ইয়াৰ প্ৰথমটো অৰ্ধপৰিবাহী গোট লাভ কৰিব । ইয়াৰ পৰা প্ৰতিদিনে ৪৮ নিযুত চিপ নিৰ্মাণ কৰা হ'ব । প্ৰথমটো গোটত বিনিয়োগ হ'ব 91,000 কোটি । অসমৰ গোটটোত বিনিয়োগ হ'ব ২৭,০০০ কোটি টকা । আনহাতে, তৃতীয়টো গোট সানন্দত বিনিয়োগ হ'ব ৭,৬০০ কোটি টকা ।" তেওঁ কয় ।
বৈষ্ণৱে লগতে কয় যে এই গোটবোৰে ২০,০০০ উন্নত প্ৰযুক্তিৰ চাকৰি আৰু প্ৰায় ৬০,০০০ পৰোক্ষ চাকৰিৰ পোনপটীয়া নিযুক্তি সৃষ্টি কৰিব । তেওঁ কয়, "এই গোটবোৰে ডাউনষ্ট্ৰীম অটোমোটিভ, ইলেক্ট্ৰনিক্স উৎপাদন, টেলিকম উৎপাদন, ঔদ্যোগিক উৎপাদন আৰু অন্যান্য অৰ্ধপৰিবাহী ব্যৱহাৰকাৰী উদ্যোগসমূহত নিযুক্তি সৃষ্টি ত্বৰান্বিত কৰিব ।"
তেওঁ লগতে কয় যে অতি কম সময়ৰ ভিতৰতে ভাৰত অৰ্ধপৰিবাহী মিছনে চাৰিটা ডাঙৰ সফলতা অৰ্জন কৰিছে । "এই গোটসমূহৰ সৈতে অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ ভাৰতত প্ৰতিষ্ঠা হ'ব । চিপ ডিজাইনত ভাৰতৰ ইতিমধ্যে যথেষ্ট ক্ষমতা আছে । এই গোটবোৰৰ দ্বাৰা আমাৰ দেশে চিপ নিৰ্মাণত সামৰ্থ্য বিকাশ কৰিব । আজিৰ এই ঘোষণাৰ জৰিয়তে ভাৰতত উন্নত পেকেজিং প্ৰযুক্তি স্বদেশীভাৱে বিকশিত কৰা হ'ব ।" মন্ত্ৰীগৰাকীয়ে কয় ।
উল্লেখ্য যে ভাৰতত অৰ্ধপৰিবাহী আৰু নিৰ্মাণ পৰিস্থিতিতন্ত্ৰৰ বিকাশ প্ৰদৰ্শনৰ কাৰ্যসূচী ২০২১ চনৰ ডিচেম্বৰত মুঠ ৭৬,০০০ কোটি টকাৰ ব্যয়েৰে জাননী জাৰি কৰা হৈছিল ।