ভূপালাপল্লী(তেলেংগানা):দেশৰ বিভিন্ন অঞ্চলত সুদখোৰৰ তাণ্ডৱত দিশহাৰা হৈ পৰিছে বহুতো দুখীয়া পৰিয়াল । আৰ্থিক দৈন্য়ৰ বাবে অসহায় পৰিয়ালে এই সুদখোৰৰ পৰা উচ্চ হাৰত সুদত টকা লৈ পৰৱৰ্তী সময়ত পৰিশোধ কৰিব নোৱাৰি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে । আনকি সুদখোৰৰ তীব্ৰ মানসিক হেঁচাৰ বাবে বহুতো লোকে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে ।
তেলেংগানাৰ ভূপালপল্লী মণ্ডলৰ কমলাপুৰ গাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে । গাঁওখনৰ এটা দৰিদ্ৰ পৰিয়ালে সুদখোৰৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পিছত বানোথ দেৱেন্দৰ (৩৭) আৰু তেওঁৰ পত্নীয়ে ল'লে জীৱনৰ চৰম সিদ্ধান্ত । কৃষিকৰ্মৰে এই পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰিছিল । তেওঁলোকৰ দুই সন্তান এখন চৰকাৰী বিদ্যালয়ত পঢ়ি আছে ।
কেইমাহমান পূৰ্বে বানোথ দেৱেন্দৰ পত্নীয়ে গাঁওখনৰ আন মহিলাসকলৰ সৈতে ব্যক্তিগত ঋণদাতাৰ পৰা 2.50 লাখ টকা ধাৰ লৈছিল । কিস্তি হিচাপে প্ৰতি সপ্তাহত 200 টকা পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । নিয়মীয়াকৈ এই ধন পৰিশোধ কৰা স্বত্বেও শেহতীয়া কেইটামান মাহত তেওঁৰ স্বামী আৰু সন্তান ৰোগত আক্ৰান্ত হোৱা বাবে তেওঁ ধন পৰিশোধ কৰিব পৰা নাছিল । ঋণদাতাৰ বৰ্ধিত চাপৰ লগতে পৰিয়ালটোৰ অৱনতি হোৱা আৰ্থিক চাপৰ ফলত তেওঁলোক মানসিকভাৱে ভাগি পৰে ।
যোৱা ৬ ডিচেম্বৰত এই চাপ সহিব নোৱাৰি মহিলাগৰাকীয়ে কীটনাশক সেৱন কৰি জীৱনটো শেষ কৰিবলৈ চেষ্টা চলায় । ইয়াৰ পিছতেই চুবুৰীয়াই তেওঁক এম জি এম চিকিৎসালয়লৈ নি চিকিৎসা কৰে । যোৱা ২০ ডিচেম্বৰত পত্নীৰ এনে অৱস্থা সহ্য় কৰিব নোৱাৰি দেৱেন্দৰে তেওঁলোকৰ ঘৰতেই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকীৰো কালি (মঙলবাৰে)মৃত্যু হয় ।