ত্ৰিপুৰা:ত্ৰিপুৰাত আৰক্ষীৰ জালত পৰিছে 5 গৰাকী অনুপ্ৰৱেশকাৰী ৷ গোপন সূত্ৰৰ পমখেদি এক যুটীয়া অভিযান চলাই আগৰতলা ৰে’ল ষ্টেচনৰ পৰা নিৰাপত্তাৰক্ষীৰ দলে আটক কৰে এই অবৈধ অনুপ্ৰৱেশকাৰী কেইগৰাকীক ৷ ৰে’ল আৰক্ষী, ৰে’লৱে সুৰক্ষা বাহিনী, বি এছ এফ আৰু চোৰাংচোৱা সংস্থাই চলাইছিল এই অভিযান ৷ ত্ৰিপুৰা ৰে’ল আৰক্ষীয়ে নিজৰ বিবৃতিত প্ৰকাশ কৰিছে এই কথা ৷
আটকাধীন অনুপ্ৰৱেশকাৰীসকলৰ দুজগৰাকী বাংলাদেশী আৰু তিনিগৰাকী ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ আটাইকেইজনেই বাংলাদেশ হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷ আগৰতলাৰ পৰা ৰে’লযোগে ভাৰতৰ আন ৰাজ্যলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল এই পাঁচ অনুপ্ৰৱেশকাৰীয়ে ৷
সোধা-পোছাৰ সময়ত তেওঁলোক বিসংগতিপূৰ্ণ উত্তৰ দিয়ে ৷ তেওঁলোকৰ এজনে কৈছে হায়দৰাবাদলৈ যাবলৈ ওলাইছে আৰু আন এজনে কৈছে তেওঁলোকৰ লক্ষ্যস্থান মুম্বাই ৷ কৰ্তৃপক্ষই জনোৱা মতে, এই অনুপ্ৰৱেশকাৰী কেইজনক ইতিমধ্যে আগৰতলা ৰে’লৱে আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷ অনুসন্ধানৰ পিচত আৰু অধিক সন্দেহযুক্ত নাগৰিক ধৰা পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰে’ল আৰক্ষীয়ে ৷
আৰক্ষীৰ বিবৃতিত উল্লেখ কৰা মতে, ‘‘আগৰতলা ৰে’ল আৰক্ষী থানাই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অনুপ্ৰৱেশকাৰী কেইজনক আদালতত হাজিৰ কৰোৱা হ’ব ৷’’