লাভ কৰা তথ্য অনুসৰি, সাধাৰণ চাহ একাপ খোৱাৰ ফলতে একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয় ৷ এই তিনিজনৰ ভিতৰত আছিল এটি কিশোৰ ৷ বাতৰি লিখা পৰলৈকে লাভ কৰা খবৰ মতে, তিনিওজনৰে মৰণোত্তৰ পৰীক্ষা চলি আছে । এই ঘটনাৰ পিছতে স্থানীয় জনপ্ৰতিনিধি আৰু অন্যান্য লোক ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈছে । আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আম্বাপুৰা থানা এলেকাৰ নলদা গাঁৱত ৷
আম্বাপুৰা আৰক্ষী থানাৰ বিষয়া ৰামৰূপ মীনাই জনোৱা মতে, দেওবাৰে সন্ধিয়া গাঁওখনৰ শম্ভু লালৰ ঘৰত চাহ খাই ৬ জন লোকৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁলোকে বমি কৰিবলৈ ধৰে । তাৰ পাচতে ১০৮ এম্বুলেন্স সেৱাত ফোন কৰি স্থানীয় ৰাইজে আটাইকে এম জি হাস্পতাললৈ প্ৰেৰণ কৰে ।
কিন্তু সোমবাৰে আগবেলা লালু ৰামৰ পত্নী ৫৫ বছৰীয়া দাৰিয়াৰ বিয়লি মহাত্মা গান্ধী চিকিৎসালয়ত মৃত্যু হয় । ইফালে ক্ৰমাৎ স্বাস্থ্য অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে সকলোকে উদয়পুৰলৈ ৰেফাৰ কৰা হয় । কিন্তু ২৬ বছৰীয়া চন্দাৰ পত্নী শম্ভু লালৰো বাটতে মৃত্যু হোৱা বুলি ৰামৰূপ মীনাই কয় ৷
তেওঁ উল্লেখ কৰা যে সোমবাৰে পুৱা লাভ কৰা তথ্য মতে উদয়পুৰৰ আৰ এন টি মেডিকেল কলেজ হাস্পতালত শম্ভু লালৰ পুত্ৰ ১৪ বছৰীয়া অক্ষৰাজ আৰু তেওঁৰ মাকৰো মৃত্যু হয় । শম্ভু লালৰ পত্নী, পুত্ৰ আৰু মাকৰ মৃত্যুত হোৱাত অকলশৰীয়া হৈ শোকত ভাগি পৰিছে তেওঁ ৷