নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: সমগ্ৰ দেশ কঁপোৱা কলকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী কনিষ্ঠ চিকিৎকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে ৷ অভয়াকাণ্ডৰ তদন্ত অব্যাহত থকা বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে চি বি আইক ইয়াৰ তদন্তৰ শেহতীয়া প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ লগতে সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ পৰা ভুক্তভোগীগৰাকীৰ নাম আৰু ফটোগ্ৰাফ আঁতৰাবলৈও কঠোৰ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্য়ায়ালয়ে ৷
ইফালে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৰ্মবিৰতিত থকা চিকিৎসকসকলক মঙলবাৰে বিয়লি 5 বজাৰ ভিতৰত চাকৰিত যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ চিকিৎসকসকল কৰ্মক্ষেত্ৰলৈ উভতি আহিলে তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা, শাস্তিমূলক বদলিৰ সিদ্ধান্ত লোৱা নহয় বুলি পশ্চিম বংগ চৰকাৰে সৰ্বোচ্চ ন্য়ায়ালয়ক নিশ্চয়তা প্ৰদান কৰাৰ পিছতেই আদালতে এই নিৰ্দেশনা দিয়ে ৷
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত স্নাতকোত্তৰ শাখাত অধ্যয়নৰত এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত ছুঅ’ ম’ট’ গোচৰৰ শুনানি আৰম্ভ কৰাৰ পিছতে এই নিৰ্দেশনা দিয়ে আদালতে ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে মন্তব্য কৰে যে ভুক্তভোগীৰ মৰ্যাদা আৰু গোপনীয়তা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ । ইয়াৰ উপৰিও চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ বাবে শীঘ্ৰে পদক্ষেপ ল’বলৈ পশ্চিম বংগক নিৰ্দেশ দিয়ে । "যদি চিকিৎসালয়সমূহত ৪৪৪৭ টা চি চি টিভি কেমেৰা স্থাপন কৰা আছিল, তেন্তে এই ঘটনা কেনেকৈ সংঘটিত হ'ল ?" চি জে আয়ে প্ৰশ্ন কৰে ।
তেওঁ চিকিৎসক সন্থাক কয় যে তেওঁলোকে পুনৰ কামলৈ আহিব লাগিব । "যুৱ চিকিৎসকসকলে কামলৈ ঘূৰি আহি নিজৰ ৰোগীক যত্ন ল'ব লাগিব...ৰাজ্য চৰকাৰে সুৰক্ষা প্ৰদান কৰিব ।" চি জে আয়ে কয় । আদালতে ১৭ ছেপ্টেম্বৰত ছুঅ’ ম’ট’ গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ।
ইয়াৰ পূৰ্বে শুনানি পুনৰ আৰম্ভ হোৱাৰ সময়ত চি বি আইক প্ৰতিনিধিত্ব কৰা ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত কয় যে তদন্তকাৰী সংস্থাটোৱে এইমছলৈ ফৰেনছিক নমুনা প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ।
‘‘আমাৰ হাতত ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন আছে আৰু এটা কথা প্ৰমাণ কৰা হৈছে যে ভুক্তভোগী যুৱতীগৰাকীক অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু তেওঁৰ শৰীৰত আঘাতৰ চিন আছিল । ৰাজ্যিক কৰ্তৃপক্ষই নমুনাবোৰ লৈ পশ্চিম বংগৰ কেন্দ্ৰীয় ফৰেনছিক লেবলৈ প্ৰেৰণ কৰিছিল...চি বি আয়ে এই নমুনা এইমছলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’’-মেহতাই কয়
ভুক্তভোগীৰ অস্বাভাৱিক মৃত্যুৰ সঠিক সময় সন্দৰ্ভত পশ্চিম বংগ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল আদালতে । বংগ চৰকাৰক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয় যে মৃত্যুৰ প্ৰমাণ পত্ৰ দুপৰীয়া ১:৪৭ বজাত দিয়া হৈছিল আৰু অস্বাভাৱিক মৃত্যুৰ তথ্য থানাত দুপৰীয়া ২:৫৫ বজাত পঞ্জীয়ন কৰা হৈছিল ৷
ছিবালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰদান কৰা ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠত ছিবালে কয়, "এটা ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰা হৈছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰিপ’ৰ্ট দাখিল কৰিছে । চিকিৎসকৰ ধৰ্মঘটৰ বাবে ২৩ জন লোকৰ মৃত্যু হৈছে ।"
ৰাজ্য আৰু চি বি আয়ে দাখিল কৰা ষ্টেটাছ ৰিপ’ৰ্ট পৰীক্ষা কৰি উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় তদন্ত সংস্থাৰ ষ্টেটাছ ৰিপ’ৰ্টে তদন্ত চলি থকাৰ ইংগিত দিয়ে, আৰু তেওঁলোকক এই বিষয়ত নতুন ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মন্তব্য কৰে, "আমি চি বি আইক এই বিষয়ত নতুনকৈ ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছো । আমি মঙলবাৰে ইয়াক পৰ্যালোচনা কৰিম...চি বি আয়ে তদন্ত চম্ভালি আছে, আৰু আমি তেওঁলোকক তেওঁলোকৰ কামত নিৰ্দেশনা দিব নিবিচাৰো ।"