ETV Bharat / bharat

ৰাষ্ট্ৰপতি শাসনৰ পিছত মণিপুৰত শান্তিৰ আশা কুকি-জো বিধায়কসকলৰ - PRESIDENTS RULE IMPOSED IN MANIPUR

Peace in Manipur: মণিপুৰত বৃহস্পতিবাৰৰ নিশাৰে পৰা জাৰি কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন ৷ ৰাজ্যখনত পূৰ্বৰ শান্তি ঘূৰি অহাৰ আশা প্ৰকাশ ৷

PRESIDENTS RULE IMPOSED IN MANIPUR
মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ পিছত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ বাহিৰত নিৰাপত্তাৰক্ষী (Etv Bharat)
author img

By PTI

Published : Feb 16, 2025, 7:06 PM IST

ইম্ফল: সংঘাতপূৰ্ণ ৰাজ্য মণিপুৰত সুদীৰ্ঘ সময়ৰ পিছত জাৰি কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন ৷ ৰাষ্ট্ৰপতিৰ শাসন জাৰিৰ পিছতে কেন্দ্ৰীয় চৰকাৰে শান্তি আৰু ন্যায়ৰ বাবে “ব্যাপক ৰাজনৈতিক ৰোডমেপ” ৰচনা কৰিব বুলি আশা প্ৰকাশ কৰিছে মণিপুৰৰ কুকি-জো বিধায়কসকলে ।

এক যুটীয়া বিবৃতিত ১০ গৰাকী বিধায়কে (বিজেপিৰ সাতগৰাকী বিধায়ক, দুগৰাকী কুকি পিপলছ এলায়েন্সৰ আৰু এগৰাকী নিৰ্দলীয়) জনগোষ্ঠীয় সংঘাতত ক্ষতিগ্ৰস্ত আৰু আভ্যন্তৰীণভাৱে স্থানান্তৰ কৰা লোকসকলৰ দুখ-কষ্টৰ অন্ত পেলোৱাৰ ব্যৱস্থাৰ বাবেও তেওঁলোক আগ্ৰহী বুলি সদৰী কৰে ।

বিবৃতিটোত এনেদৰে কোৱা হৈছে, "আমি... সংঘাতে প্ৰভাৱিত কৰা আৰু আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা লোকসকলে যি দুখ-কষ্টৰ সন্মুখীন হৈ আহিছে, তাৰ অন্ত পেলোৱাৰ বাবেও সময় অনুসৰি নিৰ্ধাৰিত ব্যৱস্থা গ্ৰহণৰ বাবে আগ্ৰহী ৷"

উল্লেখ্য যে, মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ কিছুদিন পিছতে অৰ্থাৎ বৃহস্পতিবাৰে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয় । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক অধিসূচনা জাৰি কৰি ঘোষণা কৰিছিল এই কথা ৷

"সংঘাতৰ ফলত প্ৰভাৱিত আৰু আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলে যি দুখ-কষ্টৰ সন্মুখীন হৈছে, সেই দুখ-কষ্টৰ অন্ত পেলোৱাৰ বাবেও আমি সময়োপযোগী ব্যৱস্থা গ্ৰহণৰ বাবে আগ্ৰহী ৷" বিধায়কসকলে কয় ।

বিগত ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাৰ ফলত ইম্ফলৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায় আৰু ইয়াৰ আশে-পাশে থকা পাহাৰত কুকি-জো জনজাতীয় সংগঠনৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয় ৷ যাৰ বাবে হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল ৷ এই ঘটনাত প্ৰায় ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটে ।

লগতে পঢ়ক: অৱশেষত মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.