অসম

assam

ETV Bharat / bharat

ছত্তীশগড়ত সেনা-নক্সালবাদীৰ সংঘৰ্ষ; ১০ নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ - SUKMA NAXALITES ENCOUNTER

ছত্তীশগড়ৰ দক্ষিণ সুকমাত ডি আৰ জি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ । পুৱাৰে পৰা অব্যাহত আছে গুলীয়াগুলী ।

Sukma Naxalites Encounter
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 1:41 PM IST

সুকমা: ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত সেনা আৰু নক্সালবাদীৰ মাজত এক বৃহৎ সংঘৰ্ষ চলি আছে । এই সংঘৰ্ষ কোণ্টাৰ ভেজ্জি অঞ্চলত সংঘটিত হৈছে । জানিব পৰা মতে, নক্সালবাদীৰ এটা দল ওড়িশা হৈ ছত্তীশগড়ত উপস্থিত হয় । অঞ্চলটোত নক্সালবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পাছত সুৰক্ষা বাহিনীৰ দলটো অভিযানৰ বাবে ৰাওনা হয় । তাৰ পিচতে কোণ্টাৰ ভেজ্জি অঞ্চলত সংঘৰ্ষ সংঘটিত হয় । সুকমাৰ এছ পি কিৰণ চৱনে এই এনকাউণ্টাৰৰ ঘটনা নিশ্চিত কৰিছে ।

সুকমাৰ এছ পি কিৰণ চৱনে কয়, "সুকমা জিলাৰ কোণ্টা আৰু কিষ্টাৰাম অঞ্চল সমিতিয়ে নক্সালবাদী সদস্যসকলৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে । এই তথ্যৰ ওপৰত ভিত্তি কৰি ডি আৰ জিৰ দলটোক অনুসন্ধান অভিযানৰ বাবে প্ৰেৰণ কৰা হয় । তাৰ পিচত শুকুৰবাৰে পুৱা ৬ বজাত ভেজ্জিৰ অৰণ্যত ডি আৰ জি আৰু মাওবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । ডি আৰ জি আৰু নক্সালবাদীৰ মাজত ভেজ্জি অঞ্চলৰ অন্তৰ্গত কোৰাজুগুড়া, দান্তেচপুৰম, নাগাৰাম, ভাণ্ডাৰ্পদাৰ গাঁৱৰ জংঘল-পাহাৰত সংঘৰ্ষ চলি আছে ।"

এছ পি কিৰণ চৱনে লগতে কয় যে এই এনকাউণ্টাৰটোত এতিয়ালৈকে ১০ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । লগতে ইনচাছ, একে-৪৭, এছ এল আৰ আৰু আন বহুতো অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে । অভিযান এতিয়াও চলি আছে ।

২০২৪ চনত ছত্তীশগড়ত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘটিত কেইটামান বৃহৎ এনকাউণ্টাৰ

১৬ নৱেম্বৰ, ২০২৪ : কাংকেৰত দুই মহিলা আৰু তিনি পুৰুষ মাওবাদী নিহত ।

৪ অক্টোবৰ, ২০২৪ : আবুঝমাদ এনকাউণ্টাৰত ৩৮ নক্সালবাদী নিহত ।

৩ ছেপ্টেম্বৰ, ২০২৪ : দান্তেৱাড়াত সংঘৰ্ষত ৯ মাওবাদী নিহত ।

২ জুলাই, ২০২৪ : নাৰায়ণপুৰ জিলাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত পাঁচ মাওবাদী নিহত ।

১৫ জুন, ২০২৪ : আবুঝমাদত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৮ মাওবাদী নিহত ।

৭ জুন, ২০২৪ : নাৰায়ণপুৰত সংঘৰ্ষত ৬ মাওবাদী নিহত ।

২৩ মে, ২০২৪ : নাৰায়ণপুৰ-দান্তেৱাড়া-বিজাপুৰ সীমান্তত সংঘৰ্ষত ৮ নক্সালবাদী নিহত ।

১০ মে, ২০২৪ : বিজাপুৰৰ পেদিয়াত এনকাউণ্টাৰ, ১২ নক্সালবাদী নিহত ।

৩০ এপ্ৰিল, ২০২৪ : নাৰায়ণপুৰ-কাংকেৰ সীমান্তত এনকাউণ্টাৰ, ৯ নক্সালবাদী নিহত ।

১৬ এপ্ৰিল, ২০২৪ : বিএছএফ-ছত্তীশগড় আৰক্ষীৰ দলে কাংকেৰত ২৯ নক্সালবাদীক হত্যা কৰে ।

২ এপ্ৰিল, ২০২৪ : বিজাপুৰত এনকাউণ্টাৰত ১৩ মাওবাদী নিহত ।

২৭ মাৰ্চ, ২০২৪ : বিজাপুৰৰ বাচাগুড়াত সংঘৰ্ষত ৬ নক্সালবাদী নিহত ।

২৭ ফেব্ৰুৱাৰী, ২০২৪ : বিজাপুৰত ৪ মাওবাদী নিহত ।

ফেব্ৰুৱাৰী ৩, ২০২৪ : নাৰায়ণপুৰৰ অৰ্ছা আৰক্ষী থানা এলেকাত ২ মাওবাদী নিহত ।

লগতে পঢ়ক :ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ
লগতে পঢ়ক :জনজাতীয় মহিলাক আক্ৰমণ: মুখত ভৰাই দিলে মানুহৰ বিষ্ঠা

ABOUT THE AUTHOR

...view details