নিউজ ডেস্ক, 5 মে’ :অসমবাসীলৈ সুখবৰ ৷ইউনিচেফ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে নিযুক্তি দিছে যুৱ অধিবক্তাক ৷ এইক্ষেত্ৰত স্থান লাভ কৰিছে অসম সন্তান তথা সুকন্ঠী গায়িকা নাহিদ আফৰিনেও ৷ শনিবাৰে ইউনিচেফ ইণ্ডিয়াই এই কথা ঘোষণা কৰে ৷
16 ৰ পৰা 24 বছৰৰ ভিতৰত চাৰিগৰাকী যুৱ অধিবক্তাক নিযুক্তি দিছে ইউনিচেফে ৷ অসমৰ কণ্ঠশিল্পী নাহিদ আফৰিনৰ লগতে খেল আৰু বিশেষভাৱে সক্ষমসকলৰ অধিকাৰৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ গৌৰঞ্জী শৰ্মা, জলবায়ু আৰু শিশু অধিকাৰৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ কাৰ্তিক বাৰ্মা, মানসিক স্বাস্থ্য আৰু শৈশৱৰ প্ৰাৰম্ভিক বিকাশৰ ক্ষেত্ৰত নাহিদ আফৰিন আৰু তামিলনাডুৰ বিনীশা উমাশংকৰক নিযুক্তি দিয়া হৈছে উদীয়মান উদ্ভাৱক আৰু ষ্টেম অগ্ৰগামীৰ ক্ষেত্ৰত ।
সমগ্ৰ বিশ্বৰ প্ৰায় 93 গৰাকী যুৱ অধিবক্তাৰ গোটত ভাৰতৰ এই চাৰিগৰাকীক অন্তভুৰ্ক্ত কৰা হৈছে ৷ ইউনিচেফ ইণ্ডিয়াত নিযুক্তি লাভ কৰাৰ পাচতে সামাজিক মাধ্যমযোগে নিজৰ অনুভৱ প্ৰকাশ কৰিছে নাহিদে ৷