অসম

assam

ETV Bharat / bharat

এতিয়াও দিল্লী ভাৰতৰ ৰাজধানী হৈ থকাৰ যোগ্যতা আছেনে ? শশী থাৰুৰৰ প্ৰশ্ন - DELHI POLLUTION

দিল্লী-এন চি আৰক বিগত কেইদিনমান ধৰি বিষাক্ত কুঁৱলী আৰু ধোঁৱাই আৱৰি আছে । আনহাতে, এ কিউ আই 'গুৰুতৰতকৈ অধিক'লৈ হ্ৰাস পাইছে ।

Delhi pollution
দিল্লীত ভয়ানক প্ৰদূষণ (ANI)

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 12:39 PM IST

নতুন দিল্লী : দিল্লীত ধোঁৱাৰ আৱৰণে বায়ু প্ৰদূষণৰ স্তৰ ক্ৰমে বৃদ্ধি কৰিছে আৰু ই এক তীব্ৰ স্বাস্থ্য সংকটৰ সৃষ্টি কৰি জনজীৱন অচল কৰি তুলিছে । তেনে পৰিপ্ৰেক্ষিতত সোমবাৰে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে প্ৰশ্ন কৰে যে দিল্লী এতিয়াও ভাৰতৰ ৰাজধানী হৈ থাকিব পৰাকৈ যোগ্যতা আছেনে ।

বৰ্তমান বিগত কেইদিনমানৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী আৰু এন চি আৰক ধোঁৱা আৰু কুঁৱলীৰ এক বিষাক্ত মিশ্ৰণে আৱৰি আছে । যাৰ ফলত বায়ুৰ গুণগত মান সূচক (এ কিউ আই) 'গুৰুতৰতকৈ অধিক' (severe-plus) শ্ৰেণীলৈ হ্ৰাস পাইছে ।

এই পৰিস্থিতিত কৰ্তৃপক্ষই বিদ্যালয়সমূহ অনলাইন শ্ৰেণীলৈ পৰিৱৰ্তন কৰিবলৈ আৰু কঠোৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে । "দিল্লী আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ, ৪ গুণ বিপজ্জনক স্তৰ আৰু দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ ঢাকাতকৈ অধিক শোচনীয় । আমাৰ চৰকাৰে বহু বছৰ ধৰি এই দুঃস্বপ্নৰ সাক্ষী হৈ থকাটো অনুচিত আৰু এই বিষয়ে তেওঁলোকে একো নকৰে ।" থাৰুৰে এক্সৰ এটা পোষ্টত লিখিছে ।

কংগ্ৰেছ সাংসদজনে তেওঁৰ পোষ্টত এইটোও কয় যে তেওঁ ২০১৫ চনৰ পৰা সাংসদসহ বিশেষজ্ঞ আৰু বিভিন্ন অংশীদাৰসকলৰ সৈতে বায়ুৰ গুণমানৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰি আহিছে, কিন্তু যোৱা বছৰ সেয়া বাদ দিয়ে । কাৰণ ইয়াৰ দ্বাৰা একো সলনি হোৱা যেন লগা নাই আৰু কোনেও গুৰুত্ব দিয়া নাই । "এই চহৰখন নৱেম্বৰৰ পৰা জানুৱাৰীলৈকে বসবাসৰ বাবে অনুপযুক্ত আৰু বছৰটোৰ বাকী সময়খিনিও কিবা প্ৰকাৰেহে বাসোপযোগী । ইয়াৰ পিচতো দিল্লী দেশৰ ৰাজধানী হৈ থাকিব লাগেনে ?" থাৰুৰে লগতে কয় ।

উল্লেখ্য যে দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত প্ৰায় 7 কোটি লোকে বাস কৰে । শীতকালত বায়ু প্ৰদূষণৰ বাবে বিশ্ব ৰেংকিঙত ধাৰাবাহিকভাৱে শীৰ্ষস্থানত আছে । কিয়নো চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে খেতিৰ প্ৰস্তুতিৰ বাবে তেওঁলোকৰ পথাৰবোৰ পৰিষ্কাৰ কৰাৰ ফলত ধূলি আৰু নিৰ্গমন হোৱা ধোঁৱাৰে দিল্লী-এন চি আৰৰ শীতলকালৰ বায়ুমণ্ডল ভৰি পৰে ।

লগতে পঢ়ক :AQI 408; দিল্লীত বিষাক্ত বায়ুৱে জনজীৱনলৈ কঢ়িয়াইছে চৰম ভাবুকি
লগতে পঢ়ক :দিল্লীত প্ৰদূষণৰ বিপদঘণ্টা; ৰাজধানীবাসীৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details