গুৱাহাটী: আগন্তুক বর্ষত আহি আছে এখন নতুন অসমীয়া ছবি 'মজ'লী' । ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখন এতিয়া ঘৰুৱা দৰ্শকৰ মাজত মুক্তি দিবলৈ সাজু হৈছে । ৰুদ্ৰাক্ষ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখন পৰিচালনা আৰু কাহিনী নৱজ্যোতি বৰাৰ ।
এক সত্য কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । ছবিখন সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালক নৱজ্যোতি বৰাই জনাই বহু কথা ।
সত্য কাহিনী আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন:
ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা সৰু দ্বীপ ৰাণী চাপৰি । দক্ষিণ কামৰূপৰ গড়ল নামৰ গাঁৱৰ নিকটতম এই সৰু দ্বীপটো বৰ্তমান মজ'লী নামেৰেই পৰিচিত । এই দ্বীপটোতে অত্যাধুনিক সকলো সা-সুবিধাৰ পৰা আঁতৰি বিগত ৩৭ বছৰ ধৰি এজন মানুহে আদিমভাবে অতিবাহিত কৰিছে জীৱন । সেই বিশেষ ব্যক্তিগৰাকী জীৱন সংগ্ৰাম দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছে ছবিখন । যি ঠাইত কোনেও বাস নকৰে তেনেকুৱা এক ঠাইত তেওঁ পাৰ কৰিছে নিজৰ জীৱন ।
ছবিখনৰ নিৰ্মাণৰ আঁৰৰ কিছু কথা আৰু ছবিখনৰ বিষয়বস্তু:
ছবিখনৰ সন্দৰ্ভত মন্তব্যৰ কৰি পৰিচালক নৱজ্যোতি বৰাই জনায়,"সেই দ্বীপটোত যে এগৰাকী মানুহ থাকে প্ৰথমে মই জনা নাছিলোঁ । মই এটা কাহিনীহে ৰচনা কৰিছলোঁ, যে তেনেকুৱা এটা দ্বীপত যদি সকলোৰে পৰা সংযোগ বিছিন্ন কৰি মানুহ এজন থাকে ৩০-৩৫ বছৰ ধৰি থাকে তেওঁ কেনেধৰণৰ পৰিস্থিতি সন্মুখীন হ'ব তেনেকুৱা এটা মই কাহিনী লিখিছিলোঁ । কিন্তু কালক্ৰমত যেতিয়া মই তালৈ গলো তাত মই সচাকৈয়ে তেনেকুৱা এজন মানুহ লগ পালোঁ ।
তেওঁ লগতে কয়,"মোৰ কাহিনীৰ সৈতে প্ৰায় ৮০ শতাংশ মিল থকা এটা চৰিত্ৰ মই তাতে লগ পালোঁ । মোৰ কাহিনীটোৰ দৰে তেওঁ এগৰাকী শিক্ষিত লোক । কে চি দাস কমাৰ্চ কলেজত তেওঁ অধ্যয়ন কৰিছিলে । লগতে হিন্দী সাহিত্যত তেওঁ এম এ কৰিছে । তদুপৰি ৩৫ বছৰ ধৰি তেওঁ সেই দ্বীপটোত অকলে আছে । তেওঁক কিবা লাগিলেও তেওঁক কোনোবাই নি দিয়ে, তেওঁ বাহিৰলৈ ওলাই নাহে । তেওঁৰ জীৱনটোত কি হৈছে কি হোৱা নাই সেইটোয়ে আমাৰ ছবিখনৰ মূল বিষয়বস্তু ।"
ছবিখনৰ নিৰ্মাণত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল:
এই সন্দৰ্ভত বৰাই কয়,"ছবিখন নিৰ্মাণত অত্যন্ত কষ্টকৰ আছিল । ছবিখনৰ অধিকাংশই সেই দ্বীপটোত শ্বুটিং কৰিবলগীয়া হৈছিল । সদায় আমি ব্ৰহ্মপুত্ৰ পাৰ হৈ সেই দ্বীপটোলৈ যাব লাগে । অত্যন্ত কষ্টসাধ্য যদিও সেই দ্বীপটোত কোনো বাহন আদি নথকাৰ পাছতো তাতেই বেছিভাগ শ্বুটিঙৰ কাম কৰা হৈছে এই ছবিখনৰ বাবে । ভূতভূতি বা নাও শ্বুটিঙৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হয় । বাৰিষা পানী বাঢ়িলে মজ'লী ডুবি যায় । ভৰা বানপানীৰ মাজতো ছবিখনৰ শ্বুটিং কৰা হৈছে ।"
উল্লেখযোগ্য যে, ছবিখনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে মণ্টু কুমাৰ দাসে । লগতে অন্যান্য চৰিত্ৰত অভিনয় কৰিছে পাকিজা বেগম, গুনাকৰ দেৱ গোস্বামী, শিল্পী শিখা দেৱী, সিদ্ধাৰ্থ শৰ্মা, শশীন্দ্ৰ শৰ্মা আদিয়ে । ছবিখনত এণ্ড্ৰিয়ানী নুৰিগাট (ফ্ৰান্স) আৰু জন (দক্ষিণ আফ্ৰিকাৰ) নামৰ দুজন বিদেশী অভিনেতা অভিনেত্ৰীয়ে ।
ছবিখনৰ চাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে । সংগীত ভগৱৎ প্ৰীতম আৰু অমৃত প্ৰীতমৰ । ছবিখন সম্পাদনা কৰিছে ৰমেন বৰাই । চিত্ৰগ্ৰহণ নাহিদ আহমেদৰ । ৰং ৰূপাংকন ঘনশ্যাম কলিতাৰ । সাজ-সজ্জা গৰিমা শইকীয়া গাৰ্গৰ । কলা নিৰ্দেশনা ৰিদিপ কলিতা আৰু ৰাজীৱ আহমেদৰ । আনহাতে ইতিমধ্যে বহুকেইটা চলচ্চিত্ৰ মহোৎসৱত সন্মান বুটলিবলৈও সক্ষম হৈছে 'মজ'লী'য়ে ।