মেঘ- আজি আপুনি নিজৰ পৰিয়ালৰ সৈতে প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব । আৰ্থিক দিশতো দিনটো সন্তোষজনক । আপুনি আজি যিকোনো কামক লৈ সুদৃঢ় আৰু নিশ্চিত হৈ থাকিব ৷ কাজিয়া বিবাদ এৰাই চলক, নহ’লে এইবোৰে আপোনাৰ ভাল দিনটোক নষ্ট কৰিব ।
বৃষ- আজিৰ দিনটো আপোনাৰ বাবে ভাল । আজি আপোনাৰ মন আৰু শৰীৰ দুয়োটাই ভাল হৈ থাকিব । আজি গোটেই দিনটো আপোনাৰ মুখত হাঁহি বিৰিঙি থাকিব । আপুনি যদি কোনো কাম আজি শেষ কৰিবলৈ ভাবি থৈছে, তেতিয়া হ’লে সেইবোৰ আজিয়ে শেষ কৰিব পাৰিব । বিনিয়োগৰ পৰা ভাল লভ্যাংশ পাব । আপোনাৰ পিতৃ-মাতৃৰ দ্বাৰা লাভবান হ’ব ।
মিথুন- আজি আপুনি লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব পাৰে । আজি মনে বিচৰা দৰে কোনো কামেই নহ’ব । সন্তানৰ শিক্ষা, স্বাস্থ্য বা মংগলৰ বাবে আপুনি আজি বহুত টকা খৰচ কৰিবলগীয়া হ’ব পাৰে । নিজৰ স্বাস্থ্যক লৈয়ো চিন্তিত হ’ব । পঢ়ুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰিলে দিনটো ভাল হৈ উঠিব পাৰে ।
ককৰ্ট- আজিৰ দিনটো ফলপ্ৰসূ নহয় । আজি আপোনাৰ মেজাজ বেয়া হৈ থাকিব । আপোনাৰ আজিৰ দিনটো বেয়া হোৱাৰ একমাত্ৰ কাৰণ গ্ৰহৰ অৱস্থান । আপুনি যেতিয়া আনৰ সৈতে কথা পাতিব, ৰুক্ষ আচৰণ পৰিবহাৰ কৰক । আপুনি আজি পৰিয়ালৰ লোকৰ সৈতে বা কোনো মহিলাৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে । আপুনি আজি লাঞ্ছিত হ’ব পাৰে ।
সিংহ- আজি আপোনাৰ দিনটো অসাধাৰণ । স্বাস্থ্য ভালে থাকিব । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ গঠনমূলক আলাপ-আলোচনা হ’ব । সৰু-সুৰা ভ্ৰমণলৈ যাব পাৰে । আপোনাৰ সমৃদ্ধিয়ে বন্ধু আৰু প্ৰিয়জনসকলৰ উপকাৰ কৰিব পাৰে । শিল্পকলা সম্বন্ধীয় যি কোনো বস্তুৰ প্ৰতি প্ৰবল আকৰ্ষণ অনুভৱ কৰিব ৷
কন্যা- আজিৰ দিনটোক আপুনি সম্পূৰ্ণ ৰূপত উপভোগ কৰিব পাৰিব । আপুনি আজি হয়তো বৌদ্ধিক আলোচনাৰ মাজত সোমাই পৰিব পাৰে ৷ কিন্তু সাৱধান, ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব, নহ’লে সেই আলোচনা বিবাদলৈ পৰ্যবসিত হ’ব পাৰে ।
তুলা- আজি আপোনাৰ দিনটো অতি উত্তম । বিশেষকৈ সৃজনশীলতা আৰু শিল্পকলাৰ প্ৰতি আপোনাৰ সহজাত প্ৰতিভাৰ ক্ষেত্ৰত এইষাৰ কথা অধিককৈ সত্য বুলি প্ৰমাণিত হ’ব । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব । আপুনি নিজৰ উচ্চ আদৰ্শৰ দ্বাৰা আপোনাৰ লক্ষ্য পূৰণ কৰিব পাৰিব আৰু আপুনি নিজৰ বিত্তীয় বিষয়বোৰকো ভালকৈ চম্ভালি ল’ব পাৰিব ।
বৃশ্চিক- দুৰ্ঘটনাৰপৰা সাৱধান । শল্য চিকিৎসাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । ভাবি চিন্তি কথা ক’ব, কাৰণ বিবাদ লাগিব পাৰে । আপুনি নিজৰ সমস্যাত জৰ্জৰ হৈ থাকিব আৰু তাৰ ফলত আপোনাৰ শৰীৰিক আৰু মানসিক স্বাস্থ্য বেয়া হৈ থাকিব । মনোৰঞ্জনৰ নামত আপোনাৰ টকা খৰচ হ’ব পাৰে । ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে ।
ধনু- আজি দিনটোত আপোনাৰ লাভেই লাভ হ’ব । আজি আপুনি নিজৰ সাংসাৰিক জীৱনক সম্পূৰ্ণ ৰূপত উপভোগ কৰিবলৈ পাব । বন্ধুসকলৰ সৈতে সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে । আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ আয় বৃদ্ধি কৰাব পাৰে । নিজৰ প্ৰিয় খাদ্য ভোজন কৰিব পাৰে ।
মকৰ- আজি আপুনি ব্যৱসায়িক বিষয়ৰ পৰা লাভবান হ’ব পাৰে । ধন আদায়, ভ্ৰমণ আৰু অতিৰিক্ত আয়ৰ বাবে আজিৰ দিনটো অনুকূল । আজি আপোনাৰ প্ৰিয়জনে আপোনাক উপহাৰেৰে চমক দিব পাৰে । জুই, পানী আৰু দুৰ্ঘটনাৰপৰা আঁতৰত থাকক । ব্যৱসায়িক কামত দৌৰি ফুৰিবলগীয়া হ’ব পাৰে । আপোনাৰ সুনাম বৃদ্ধি হ’ব ।
কুম্ভ- আজি দিনটো আপোনাৰ বাবে মিশ্ৰ ফলাফলৰ । আজি শৰীৰ বৰ ভালে নাযাব পাৰে । কিন্তু মানসিকভাৱে আপুনি অত্যন্ত প্ৰফুল্লতা অনুভৱ কৰিব । কাম কৰাৰ উৎসাহৰ অভাৱৰ ফলত আপুনি উদ্দীপনাৰ অভাৱো অনুভৱ কৰিব পাৰে । আপোনাৰ সহকৰ্মীসকলে আপোনাৰ কামক লৈ হয়তো অসুখী হৈ থাকিব পাৰে, তাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে । বিদেশৰপৰা খবৰ আহিব পাৰে । সন্তানক লৈ দুশ্চিন্তাত থাকিব ।
মীন- আজি আপুনি আধ্যাত্মিকতাত নিমগ্ন থাকিব । আজি আপুনি কিছু প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিব । লগতে আপুনি আজি স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল’বলগীয়া হ’ব পাৰে । অসুস্থতাৰ কাৰণে আপোনাৰ বহুত টকা খৰচ হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধৈৰ্য ৰাখক । অপ্ৰত্যাশিত আৰ্থিক লাভে আপোনাক উৎসাহিত কৰি তুলিব । ব্যৱসায়ীসকলে আগতে যদি কোনোবাক ধাৰ দিছে, তেতিয়া হ’লে আজি সেই টকা ঘূৰাই পাব ।