কুল্লু: হিমাচল প্ৰদেশ, অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন মনোমোহা পাহাৰীয়া ৰাজ্য ৷ যাৰ সৌন্দৰ্যই সকলো পৰ্যটককে হাত বাউল দি মাতে ৷ শীতৰ এই সময়ছোৱাত পাহাৰীয়া ৰাজ্যখনৰ অধিকাংশ অঞ্চলত বৰফ পৰে ৷ যাৰ বাবে এই সময়ছোৱাত ৰাজ্যখনলৈ অদিক পৰ্যটকৰ আগমন ঘটে ৷
দেওবাৰে হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ পৰ্যটন চহৰ মানালী আৰু লাহৌল-স্পিতিত বৰফ পৰে । চাওঁতে চাওঁতে এই বৰফৰ মাত্ৰা অধিক হৈ পৰে ৷ আনকি এটা সময়ত লাহৌল উপত্যকাত আবদ্ধ হৈ পৰে ১০০০ ৰো অধিক পৰ্যটকৰ বাহন । অৱশ্যে পৰৱৰ্তী সময়ত পৰ্যটকৰ যান-বাহনবোৰ অটল সুৰংগ হৈ মানালী অভিমুখে নিৰাপদে লৈ যোৱা হয় ।
- নিশা ২ বজালৈকে উদ্ধাৰ কৰা হয় বাহনসমূহ :
মানালীৰ উপ-আৰক্ষী অধীক্ষক কে ডি শৰ্মাই কয় যে অতিমাত্ৰা তুষাৰপাত হোৱাৰ ফলত লাহৌল আৰক্ষীয়ে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে ৷ লগতে লাহৌল উপত্যকালৈ নিজ নিজ বাহনত অহা পৰ্যটকসকলক উদ্ধাৰৰ কাম অটল সুৰংগৰ জৰিয়তে আৰম্ভ কৰা হয় ৷ নিশা ২ বজালৈকে আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই ১০০০ৰো অধিক বাহন নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় ।
- তুষাৰপাতৰ বাবে বাট-পথত পিছল হৈ পৰে :
তুষাৰপাতৰ বাবে ৰাস্তা-ঘাট পিছল হৈ পৰে ৷ যাৰ ফলত বহু বাহন পিছলিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে পথত মাটি আৰু বালি চটিয়াই দিয়ে ৷ তাৰ পিছতহে ইয়াৰ পৰা নিৰাপদে বাহনসমূহ উলিয়াই আনিবলৈ সক্ষম হয় ৷ আনকি পৰিস্থিতি কিছু বিষম দেখি সোলংগনালাৰ আগলৈ যান-বাহনৰ চলাচল কৰাটো বন্ধ কৰি দিয়া হয় ৷
- বৰদিনৰ দিনা তুষাৰপাত হোৱাৰ সম্ভাৱনা :
সোলংগনালাত তুষাৰপাতৰ আমেজ লৈছে পৰ্যটকসকলে । একে সময়তে তুষাৰপাতৰ বাবে মানালীতো পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ যাৰ ফলত পৰ্যটন ব্যৱসায় কিছু টনকীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ পৰ্যটকসকলেও আশা কৰিছে যে তেওঁলোকে বৰদিনৰ দিনটোও বৰফৰ আমেজ ল’ব পাৰিব ৷