কোটপুতলি(ৰাজস্থান): সোমবাৰে বিয়লি ৰাজস্থানৰ কোটপুতলি সংঘটিত হয় এক ভয়ানক ঘটনা । চহৰখনৰ কিৰাটপুৰ গাঁৱত ৭০০ ফুট গভীৰ এটা উন্মুক্ত কুঁৱাত পৰি যায় এটি তিনি বছৰীয়া কন্যাশিশু । চেতনা নামৰ এই শিশুটিক উদ্ধাৰৰ বাবে দ্বিতীয়দিনাও উদ্ধাৰ অভিযান অব্যাহত আছে ।
এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু স্থানীয় প্ৰশাসনকে ধৰি সকলো কৰ্তৃপক্ষই শিশুটিক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ নিৰন্তৰ প্ৰয়াস চলাই আছে ।
মহকুমা দণ্ডাধীশ (এছ ডি এম) ব্ৰজেশ চৌধুৰীয়ে মঙলবাৰে কয় যে অভিযানটোত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা হৈছে আৰু এন ডি আৰ এফে শিশুটিক কুঁৱাটোৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰি আছে ।
"এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু প্ৰশাসনৰ দলসমূহে শিশুটিক উদ্ধাৰৰ বাবে চেষ্টা কৰি আছে । আমি শিশুটিৰ তলত এটা ৰিং বহুৱাবলৈ সক্ষম হৈছোঁ । গতিকে আমি আশা কৰিছোঁ শিশুটিক সোনকালে উদ্ধাৰ কৰিব পাৰিম... শিশুটিৰ স্বাস্থ্যৰ অৱস্থাৰ কোনো অৱনতি হোৱা নাই...।" চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় ।
উদ্ধাৰ অভিযানত কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে
এছ ডি আৰ এফৰ উপ-পৰিদৰ্শক ৰবি কুমাৰে চৌপাশৰ মাটিৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ বিষয়ে কয় । "ভিজি থকাৰ বাবে তেওঁৰ চৌপাশৰ মাটি কোমল হৈ আছে, যাৰ ফলত অধিক খনন কৰাটো কঠিন হৈ পৰিছে । এই বাধাবোৰৰ সত্ত্বেও আমি যথাসাধ্য চেষ্টা কৰি আছোঁ । কিন্তু কিমান সময়ৰ প্ৰয়োজন হ'ব সেই বিষয়ে নিশ্চিত নহয় ।" কুমাৰে কয় ।
"আমি শিশুটিৰ ওচৰ চাপিবলৈ চেষ্টা কৰি আছোঁ । কিন্তু তেওঁৰ চাৰিওফালে যথেষ্ট মাটি থকাৰ বাবে আমি এতিয়াই তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই... এতিয়ালৈকে আমি নিশ্চিত নহয় যে কিমান সময় লাগিব । কিন্তু আমি যথাসাধ্য চেষ্টা কৰি আছোঁ ।" তেওঁ কয় ।
আনহাতে, উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়ত শিশুটিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কুঁৱাৰ ভিতৰলৈ নিৰন্তৰ অক্সিজেন যোগান ধৰি থকা হৈছে ।
উদ্ধাৰকাৰী দল
উদ্ধাৰকাৰী দলটোত আছে ২৫ জন এন ডি আৰ এফ আৰু ১৫ জন এছ ডি আৰ এফ কৰ্মী । ইয়াৰ উপৰি কোটপুটলীৰ এছ পি, এ এছ পি, ডি এছ পি আৰু এছ এইচ অ'কে ধৰি তিনিখন আৰক্ষী থানাৰ ৪০ জন আৰক্ষীও উপস্থিত আছে । চি এম এইচ অ', বি চি এম এইচ অ', শিশু ৰোগ বিশেষজ্ঞ আৰু এনাস্থেচিয়া বিভাগৰ মুৰব্বী আৰু স্বাস্থ্য বিভাগৰ 19 গৰাকী নাৰ্ছিং কৰ্মচাৰীকো ঘটনাস্থলীত ৰখা হৈছে । অগ্নিনিৰ্বাপক বাহিনী, জে চি বি আৰু নগৰ পৰিষদৰ প্ৰায় ২৫ জন কৰ্মচাৰীও নিয়োজিত কৰা হৈছে ।
শিশুটি কেনেকৈ আৰু কেতিয়া পৰিছিল ?
সোমবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত পথাৰত খেলি থকা অৱস্থাত শিশুটি কুঁৱাটোত বাগৰি পৰে । প্ৰথমতে তেওঁ 15 ফুটত আবদ্ধ হৈ আছিল । কিন্তু সময় পাৰ হোৱাৰ লগে লগে 150 ফুট গভীৰলৈ গুচি যায় । তেওঁৰ কান্দোন শুনাৰ পিছত পৰিয়ালটোৱে জানিব পাৰে যে শিশুটি কুঁৱাত পৰিছে ।
ইফালে ঘটনাটোৰ বিষয়ে জানিব পাৰি জিলা প্ৰশাসনৰ দলে সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে চিকিৎসা কৰ্মীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । আনহাতে, স্থানীয় কৰ্তৃপক্ষই অঞ্চলটো ঘেৰাও কৰি ৰাখিছে যাতে উদ্ধাৰ অভিযানত কোনো ধৰণৰ বাধা আহিব নোৱাৰে । কিন্তু কুঁৱাটো ঠেক আৰু গভীৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।
আনহাতে, কৰ্তৃপক্ষই অভিযানটোত সহায় কৰিবলৈ বিশেষ সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিছে । ইয়াৰ ভিতৰত আছে অধিক জটিলতা প্ৰতিহত কৰিবলৈ কুঁৱাটোৰ চাৰিওফালৰ এলেকাটো সাৱধানে খনন আৰু সুৰক্ষিত কৰি ৰখা । উল্লেখ্য যে যোৱা ১২ ডিচেম্বৰতো এটি ৫ বছৰীয়া ল'ৰা ১৫০ ফুট গভীৰ কুঁৱাত তিনিদিন ধৰি আৱদ্ধ হৈ থকাৰ পিছত কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল ।
উন্মুক্ত কুঁৱা সন্দৰ্ভত সতৰ্ক কৰি দিছে শচীন পাইলটে
ইফালে কংগ্ৰেছ নেতা শচীন পাইলটে শিশুটি কুঁৱাত পৰাৰ খবৰ পাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । প্ৰশাসনক উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ কোৱাৰ লগতে তেওঁ পথাৰৰ মুকলি কুঁৱা সন্দৰ্ভত জনসাধাৰণক সতৰ্ক কৰি দিয়ে ।
"কোটপুতলিৰ কিৰাটপুৰা অঞ্চলৰ বাদিয়ালী ধনীত এগৰাকী কণমানি ছোৱালী কুঁৱাত পৰি যোৱাৰ খবৰটো উদ্বেগজনক । মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে উদ্ধাৰ অভিযান ত্বৰান্বিত কৰক আৰু ছোৱালীজনীক যিমান সম্ভৱ সোনকালে তাৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰক । মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সেই ছোৱালীজনী সুৰক্ষিত হৈ থাকে । লগতে মই জনসাধাৰণক অনুৰোধ জনাইছোঁ যে যদি তেওঁলোকৰ ভূমিত উন্মুক্ত কুঁৱা আছে তেন্তে তেওঁলোকে লগে লগে সেইবোৰ বন্ধ কৰিব লাগে বা সেইবোৰ সঠিকভাৱে ঢাকি ৰাখিব লাগে, যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয় ।" তেওঁ Xৰ এটা পোষ্টত কয় ।
कोटपुतली के किरतपुरा क्षेत्र के बड़ीयाली ढाणी में मासूम बच्ची के बोरवेल में गिरने की खबर चिंताजनक है।
— Sachin Pilot (@SachinPilot) December 23, 2024
प्रशासन से मेरा आग्रह है कि रेस्क्यू ऑपरेशन में तेजी लाकर बच्ची को जल्द से जल्द बोरवेल से बाहर निकाला जाए। मेरी ईश्वर से प्रार्थना है कि उस मासूम बच्ची को सकुशल रखें।
साथ ही…