মৰাণ: গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজী যুগমীয়া কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ৰাজ্য খনৰ বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰি আহিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা । ২০০৭ চনৰে পৰা সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰদান কৰি অহা প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰ এই বৰ্ষৰ বঁটা প্ৰাপকৰ নাম আজি ঘোষণা কৰা হয় ।
সদৌ অসম ছাত্ৰ সন্থাৰ ২০২৪ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এইবাৰ প্ৰদান কৰিব ডিব্ৰুগড়ৰ লোক-সংস্কৃতিৰ সাধক, লোকশিল্পী দুৰ্গেশ্বৰ সোণোৱালক । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মেছলৌ গাঁৱৰ নিবাসী সোণোৱাল কছাৰী জনগোষ্ঠীৰ এগৰাকী লোকশিল্পী, গায়ন-বায়ন তথা লোক-সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক এই বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰা পাছতে আছুৰ সঁজাতি দলে শিল্পীগৰাকীৰ টিংখাঙৰ মেছলৌ গৃহত উপস্থিত হৈ জনালে বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ ।
অহা ২৭ ডিচেম্বৰত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে মৃত্যুৰ দিনটোত গুৱাহাটীৰ চানমাৰিত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত লোক কৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱালক এই বঁটা প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাই ।
সোণোৱাল কছাৰী জনগোষ্ঠীৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা ধৰি ৰখাৰ চেষ্টা কৰিছে দুৰ্গেশ্বৰ সোণোৱালে:
অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ নিজৰ সাংস্কৃতিক আৰু ধৰ্মীয় ৰীতি আন জনগোষ্ঠীসমূহতকৈ পৃথক । আজি সোণোৱাল জনগোষ্ঠীৰ ৰাইজে নিজস্ব জনগোষ্ঠীৰ সাংস্কৃতিক স্বকীয়তা জীয়াই ৰাখিবলৈ সক্ষম হৈছে । জনগোষ্ঠীৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰাত আন বহুজনৰ দৰে টিংখাঙৰ মেছলৌ গাঁৱৰ নিবাসী দুৰ্গেশ্বৰ সোণোৱালে লৈ আহিছে গুৰুত্বপূৰ্ণ ভূমিকা ।

শৈক্ষিক ক্ষেত্ৰত বিশেষ আগবঢ়া নহ'লেও দুৰ্গেশ্বৰ সোণোৱালে সোণোৱাল কছাৰীসকলে ব'হাগত যি হুঁচৰি গাই সেই গীত জনগোষ্ঠীটোৰ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে । জনগোষ্ঠীটোৰ মাজত বায়ন হিচাপে পৰিচিত দুৰ্গেশ্বৰ সোণোৱাল দীৰ্ঘদিন ধৰি গায়ন-বায়নৰ লগত জড়িত হৈ আছে ।
মালিতা, বৰগীত, সোণোৱাল কছাৰীসকলৰ ধেমালি গীত চৰ্চা কৰি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা কৰি আহিছে শিল্পীগৰাকীয়ে । আনহাতে সোণোৱাল কছাৰীসকলে প্ৰতিবছৰে আঘোনৰ দ্বিতীয় দেওবাৰ, সোমবাৰ আৰু মঙলবাৰে ক্ষত্ৰিয় পূজা অনুষ্ঠিত কৰাটো পুৰ্বৰ পৰম্পৰা । সোণোৱাল কছাৰীসকলৰ এই পূজা কৰা স্থান টেপৰগুৰিত থকা ক্ষত্ৰিয়শাল উদ্ধাৰ কৰি সংৰক্ষণ কৰাত দুৰ্গেশ্বৰ সোণোৱালে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।

বঁটা লাভ কৰি আনন্দিত লোকশিল্পী দুৰ্গেশ্বৰ সোণোৱাল:
বঁটা লাভ কৰি আনন্দিত হোৱা বুলি জনালে লোকশিল্পী দুৰ্গেশ্বৰ সোণোৱালে । বিগত ৬০ বছৰে সোণোৱাল জনগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰত জড়িত হৈ থকাৰ কথা অৱগত কৰি তেওঁ এইদৰে সন্মানিত হ'ম বুলি কেতিয়াও ভবা নাছিলো বুলি কয় । নতুন প্ৰজন্মক নিজৰ সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনাই শিল্পীগৰাকীয়ে ।
দুৰ্গেশ্বৰ সোণোৱালে এই বঁটা লাভ কৰাত নতুন প্ৰজন্ম উৎসাহিত হ'ব:
শিল্পী গৰাকীৰ টিংখাঙৰ মেছলৌ গৃহত উপস্থিত হৈ আছু নেতৃত্বই কয়,"আজি ডিব্ৰুগড়বাসীৰ বাবে ভাল দিন । দুৰ্গেশ্বৰ সোণোৱালে সোণোৱাল কছাৰীৰ যি ৰীতি নীতি পৰম্পৰা আছে এইসমূহ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাত বিশেষ ভূমিকা লৈ আহিছে । এই বঁটা লাভ কৰা পাছত নতুন প্ৰজন্ম উৎসাহিত হ'ব আৰু জনগোষ্ঠীৰ হকে কাম কৰিবলৈ আগবঢ়ি আহিব বুলি আমি আশা কৰোঁ ।"