যোৰহাট: অপেক্ষা আৰু কিছু ক্ষণৰ ৷ কাইলৈ অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ ৰ কাৰ্যসূচী ৷ ইতিমধ্যে অসমত উপস্থিত হৈছে কেবাখনো দেশৰ প্ৰতিনিধি দল ৷ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত দেওবাৰে নিশা ৪৫ খন দেশৰ ৬৪ গৰাকী প্ৰতিনিধি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয় ৷ উক্ত প্ৰতিনিধি দলটোৰ প্ৰত্যেককে মন্ত্ৰী অতুল বৰা সহিতে জিলা প্ৰশাসনৰ লোকে গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনায় ৷
ইয়াৰ পৰা পোনে পোনে এই দলটো ৰাওনা হয় কাজিৰঙালৈ ৷ নিশা কাজিৰঙাত থাকি আজি (সোমবাৰ) পুৱাই জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ জৰিয়তে বৈদেশিক মন্ত্ৰীসহিতে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্য উপভোগ কৰে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৭ এপ্ৰিলত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ কৰিছিল ।
আনহাতে, কাজিৰঙা ভ্ৰমণ সামৰি এই প্ৰতিনিধি দলটো আজি পুনৰ উপস্থিত হয় যোৰহাট ৰৰৈয়া বিমানবন্দৰত ৷ তাৰ পাছতে ৰৰৈয়া বিমানবন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমানেৰে বৈদেশিক মন্ত্ৰীৰ নেতৃত্বত অহা দলটো এডভাণ্টেজ আছাম ২.০ ত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ ৰাওনা হয় ।
An early morning safari @kaziranga_ National Park, along with Ambassadors.
— Dr. S. Jaishankar (@DrSJaishankar) February 24, 2025
Assam’s natural wildlife scenes are indeed stunning and pristine.
Next stop- Advantage Assam 2.0. pic.twitter.com/yOTMV8LRJG
লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লগতে পঢ়ক : 'ঝুমইৰ বিনন্দিনী'ৰ কাউন্ট-ডাউন আৰম্ভ |
বৈদেশিক মন্ত্ৰীৰ নেতৃত্বত অহা প্ৰতিনিধিসকলৰ দেশসমূহ ক্ৰমে -
- ঘানা
- কোষ্টাৰিকা
- চাদ
- কেমেৰুণ
- বাংলাদেশ
- ৰিপাব্লিক অব কংগো
- ৰাৱাণ্ডা
- ইৰাক
- পোলেণ্ড
- ছুইডেন
- শ্ৰীলংকা
- টিমৰ লেষ্টি
- জামাইকা
- কাজাখস্তান
- কিৰগিস্তান
- মালয়েছিয়া
- কেনিয়া
- মালদ্বীপ
- নামিবিয়া
- নৰ্থ মেছিড'নীয়া
- পানামা
- পাপুৱা নিউগিনি
- ছাৰ্বিয়া
- ছিছিলি
- ছলোমন আইলেণ্ড
- ছোমালিয়া
- টাঞ্জানিয়া
- উগাণ্ডা
- ভেনিজুৱেলা
- আৰ্মেনিয়া
- বটছৱানা
- বুলগেৰিয়া
- কলম্বিয়া
- কিউবা
- চাইপ্ৰাছ
- এল ছালভেদৰ
- এৰিট্ৰিয়া
- ফিনলেণ্ড
- জৰ্জিয়া
- ৰিপাব্লিক অব গুইনিয়া
- গুৱেনা
- ইটালী
- আয়াৰলেণ্ড
উল্লেখ্য যে ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব বৃহৎ বিনিয়োগ মেলা এডভাণ্টেজ আছাম ২.০ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই বিনিয়োগ মেলাত অংশগ্ৰহণ কৰিব ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৬০ খন দেশৰ বিনিয়োগকাৰী প্ৰতিনিধিয়ে ৷
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰতিনিধিসকলৰ বাবে ইয়াৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ ব্যৱস্থা কৰে ৰাজ্য চৰকাৰে ৷