নেশ্যনেল ডেস্ক, 3 মাৰ্চ:বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি আহোতে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হ’ল এখন বাহন ৷ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন লোক আহত হয় বুলি জানিব পৰা গৈছে । দিল্লীৰ দক্ষিণ-পূবৰ বদৰপুৰ সীমান্তত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে ৷
বদৰপুৰ উৰণীয়া সেতুত এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জনায় ৷ ফৰিদাবাদত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ৷ গাড়ীখনত থকা সাতজন লোক ৰাজ (21), সঞ্জু (38) দিনেশ (22) আৰু বাকীকেইজন ওখলাৰ সঞ্জয় কলনীৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে জনোৱা মতে, আনছুল (18)ৰ অৱস্থা সংকটজনক হোৱাৰ বিপৰীতে নীৰজ (18), অজিত (28) আৰু বিশাল (28) চিকিৎসাধীন অৱস্থাত আছে । আটাইকেইজন একেটা অঞ্চলৰে বাসিন্দা । আৰক্ষী উপাযুক্ত (দক্ষিণ-পূব) ৰাজেশ দেও জনোৱা মতে, শনিবাৰৰ মাজ নিশা 12.48 মান বজাত বদৰপুৰ থানাত আৰক্ষী নিয়ন্ত্ৰণ কক্ষ (পিচিআৰ) লৈ এটা ফোন আহিছিল আৰু প্ৰত্যক্ষদৰ্শীয়ে দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল ।
আৰক্ষী উপাযুক্ত (দক্ষিণ-পূব) ৰাজেশ দেওয়ে ঘটনা সন্দৰ্ভত বিতং তথ্য দি কয়, "বদৰপুৰ ফ্লাই অভাৰত মাৰুতি অল্ট’ গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পিচত বিপৰীত দিশে বাহনখন যায় ৷ এই সময়তে মাৰুতি অল্ট’খনৰ সৈতে এখন ট্ৰাকৰ সংঘৰ্ষ হয় । সাতজন লোককে এইমছ ট্ৰমা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয় ।"
লগতে পঢ়ক:মধ্যপ্ৰদেশৰ ডিন্দোৰীত দুৰ্ঘটনাত মহিলাসহ ১৪ গৰাকী লোকৰ মৃত্যু, আহত ২১