নিউজ ডেস্ক, ১৫ জুন:উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ বদ্ৰীনাথ ঘাইপথত শনিবাৰে এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত বাগৰি পৰে । দুৰ্ঘটনাত ১৪ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১২ জন লোক আহত হোৱাৰ তথ্য জানিব পৰা হৈছে । বদ্ৰীনাথ ঘাইপথৰ ৰেণ্টোলীৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । ট্ৰেভেলাৰখনত প্ৰায় ২৩ জন লোক আছিল বুলি জানিব পৰা হৈছে ।
স্থানীয় আৰক্ষী অধীক্ষক ড৹ বিশাখা অশোক ভদাণেই এই দুৰ্ঘটনাৰ কথা নিশ্চিত কৰিছে । দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা, ডিডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আহতসকলৰ ৭ জনক বিমানেৰে ঋষিকেশ এইমছলৈ প্ৰেৰণ কৰা হয় । আনহাতে ৰুদ্ৰপ্ৰয়াগ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৯ জন ।
লগতে পঢ়ক:নৈনিতালত শোকাৱহ পথ দুৰ্ঘটনা; নিহত ২ - Pickup fell into ditch in Nainital
দুৰ্ঘটনাটোৰ প্ৰথম কাৰণ চালকজনৰ টোপনি অহা বুলি জানিব পৰা হৈছে । ট্ৰেভেলাৰখনে ঘাইপথৰ কাষত নিৰ্মিত পাৰ্ফেট ভাঙি খাৱৈত বাগৰি পৰে ৷ উক্ত স্থানত সাধাৰণতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব পাৰি । আৰক্ষীয়ে আৰু প্ৰশাসনৰ লোকে ঘটনাত আহত আৰু নিহত লোকৰ পৰিচয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
এই দুৰ্ঘটনাক লৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শোক প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ধামীয়ে Xত পোষ্ট কৰি স্থানীয় প্ৰশাসন আৰু এছডিআৰএফৰ দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানৰ কাম অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত কৰিবলৈ জিলা দণ্ডাধীশক নিৰ্দেশ দিয়াৰ কথাও তেওঁ সদৰী কৰে ।
তেওঁ লগতে এই অপৰিসীম দুখ-কষ্ট সহ্য কৰিব পৰাকৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে বাবা কেদাৰনাথৰ ওচৰত আহতসকলৰ আশু আৰোগ্য লাভৰ কামনা কৰে ।"
লগতে পঢ়ক:যাত্ৰীবাহী বাছ বাগৰি 21 জনৰ মৃত্যু, 40 গৰাকী আহত - bus rolls down deep gorge