অসম

assam

ETV Bharat / bharat

অশান্তজৰ্জৰ মণিপুৰত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰ-শস্ত্ৰ - MANIPUR ARMS RECOVERY

Operation in Manipur: মণিপুৰৰ ভিন্ন স্থানৰ পৰা এতিয়াও অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিয়েই আছে নিৰাপত্তাবাহিনীয়ে ৷ শেহতীয়াকৈ নিৰাপত্তা বাহিনীৰ অভিযানত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ হৈছে ৷

Security forces recover arms and ammunition
MANIPUR ARMS RECOVERY (ANI)

By ANI

Published : Oct 7, 2024, 9:03 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ: মণিপুৰ আৰক্ষীয়ে পাহাৰ আৰু উপত্যকা জিলাৰ দুৰ্বল অঞ্চলত চলোৱা তালাচী অভিযানৰ সময়ত গোলাবাৰুদ আৰু যুদ্ধত ব্যৱহৃত অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে । এক্সত এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, 5 অক্টোবৰত পাহাৰ আৰু উপত্যকা জিলাৰ স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত এই অস্ত্ৰভাণ্ডাৰ জব্দ কৰা হয় ।

‘‘নিৰাপত্তা বাহিনীয়ে মেগজিনসহ তিনিটা কাৰ্বাইন, এটা এয়াৰ গান, দুটা ছিংগল বেৰেল ৰাইফল, মেগজিনসহ এটা নাইন এম এম পিষ্টল, 14 টা ডিটনেটৰ বিহীন 36 নং এইছ ই গ্ৰেণেড, এটা 51 এম এম মৰ্টাৰ, দুটা 2 নং MK-III গ্ৰেণেড, 4.755 কিঃগ্ৰাঃ আই ই ডিসহ এটা কন্টেইনাৰ, চাৰিটা ডিটনেটৰ, 6 টা কন্দুৱা গেছৰ শ্বেল, দুটা ৰবৰ বুলেট উদ্ধাৰ কৰিছে ৷’’ আৰক্ষী সূত্ৰত প্ৰকাশ ৷

মণিপুৰত অবিৰতভাৱে উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰ-শস্ত্ৰ (ANI)

মণিপুৰ আৰক্ষীয়ে লগতে উল্লেখ কৰিছে যে কাকচিং জিলাৰ টুৰেনমেইৰ ৱাবাগাই নাটেখঙৰ পৰা এটা ষ্টিংগাৰ কাৰ্টিজ, দুটা টিউব লঞ্চিং, তিনিটা আৰ্মিং ৰিং, 34 টা সজীৱ গুলী, 25 টা এক্সপ্ল’ছিভ কাৰ্টিজ, 18 টা 7.62 এম এম ফায়াৰড কেছ, 10 টা ফায়াৰড এক্সপ্ল’ছিভ কাৰ্টিজ, এটা বাঅ’ফেং চেট চাৰ্জাৰৰ সৈতে, এটা হেলমেট, দুটা বিপি কভাৰ, দুটা বিপি প্লেট (স্থানীয়ভাৱে নিৰ্মিত), এযোৰ জংগল বুট উদ্ধাৰ কৰা হৈছে ।

ভাৰতীয় সেনাবাহিনীৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এক যৌথ অভিযানত মণিপুৰত নিয়োজিত ভাৰতীয় সেনা, আছাম ৰাইফলছ, মণিপুৰ আৰক্ষী, আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সৈন্যই 18 টা অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ জব্দ কৰে । মণিপুৰৰ চুৰাচান্দপুৰ, কাকচিং, আৰু থৌবাল জিলাত 4 অক্টোবৰৰ পৰা 6 অক্টোবৰলৈ এই অভিযান চলাইছিল । যোৱা 4 অক্টোবৰত আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই চুৰাচান্দপুৰ জিলাৰ খেংমোল অঞ্চলত এটা 9 এম এম পিষ্টল, পাঁচটা ছিংগল বেৰেল ৰাইফল, আৰু 5 টা ইম্প্ৰভাইজড গধুৰ মৰ্টাৰ জব্দ কৰে ।

যোৱা 5 অক্টোবৰত চুৰাচান্দপুৰ জিলাৰ খেংমোল পাহাৰৰ পৰা মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে গোলাবাৰুদ উদ্ধাৰ কৰে । 2 অক্টোবৰত ৰাজ্যত নিৰাপত্তা বাহিনীয়ে চলোৱা আন এক তালাচী অভিযানত যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ হয় ।

এই অভিযানৰ ফলত টেংগন’পাল জিলাৰ চেনাম গাঁৱৰ পৰা লাথ’ড গান (দেশত নিৰ্মিত), আই ই ডি, গ্ৰেনেড, পেট্ৰ’ল বোমা, ব’ৰ ৰাইফল, পম্পি গোলাবাৰুদ, ডিট’নেটৰ আদি সামগ্ৰী উদ্ধাৰ কৰা হয় । ইফালে, ২৭ ছেপ্টেম্বৰত কাংপকপিৰ পৰা অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱা মণিপুৰৰ যুৱক দুজন নিৰাপদে ঘূৰি অহাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে প্ৰচেষ্টাক বৃহস্পতিবাৰে শলাগ লয় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ।

লগতে পঢ়ক:মণিপুৰত আছাম ৰাইফলছৰ অভিযানত জব্দ অস্ত্ৰ ভাণ্ডাৰ - Manipur arms recovery

মণিপুৰৰ সংবেদনশীল এলেকাত সুৰক্ষা বাহিনীৰ তালাচীত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ - Manipur Violence

ABOUT THE AUTHOR

...view details