নিউজ ডেস্ক, 15 এপ্ৰিল : মণিপুৰত হোৱা জাতিগত সংঘৰ্ষৰ ফলত আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা প্ৰায় 18,000 লোকৰ বাবে আগন্তুক সাধাৰণ নিৰ্বাচনত ভোটদানৰ সুবিধা বিচাৰি কৰা আবেদন সোমবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কয়- "আমি এই সিদ্ধান্তত উপনীত হৈছো যে এই আদালতৰ হস্তক্ষেপে বিশেষকৈ এই বিলম্বিত পৰ্যায়ত লোকসভা সমষ্টিসমূহৰ বাবে আগন্তুক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাত যথেষ্ট বাধাৰ সৃষ্টি কৰিব ৷ আমি তেনে কোনো নিৰ্দেশনা জাৰি কৰিবলৈ আগ্ৰহী নহয়... "
আৱেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰা পৰামৰ্শদাতাই তেওঁলোকৰ দ্বাৰা চিনাক্ত কৰা কমেও 1,000 জন লোকৰ বাবে ভোটদানৰ সুবিধা সম্পৰ্কে বিষয়টোত কিছু সকাহ দিয়াৰ ওপৰত জোৰ দিছিল ৷ অৱশ্যে মুখ্য ন্যায়াধীশে পৰামৰ্শদাতাক কৈছিল- "আমি পলম হোৱাৰ বাবে আৱেদনখন খাৰিজ কৰা নাই কিন্তু আমি কৈছো যে এই মুহূৰ্তত, আমি হস্তক্ষেপ নকৰো..." ৷
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে পৰামৰ্শদাতাক কয় যে লোকসভাৰ বাবে ভোটগ্ৰহণ আৰম্ভ হ'বলৈ মাত্ৰ তিনি দিন বাকী আছে আৰু আদালতৰ বাবে এতিয়া বিষয়টোত কোনো সকাহ দিয়া কঠিন ৷ আবেদনকাৰীয়ে আদালতক এক নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাইছিল য'ত তেওঁলোক বৰ্তমান উপস্থিত থকা সাহাৰ্য শিবিৰত ৰাইজক ভোট দিবলৈ অনুমতি বিচাৰিছিল ৷