তিনিচুকীয়া : বাণিজ্যিক চহৰ তিনিচুকীয়াৰ অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখৰ এখন হোটেলৰ এটা কোঠাৰ দৰ্জা বন্ধ থকাক কেন্দ্ৰ কৰি মঙলবাৰে সৃষ্টি হয় এক ৰহস্য়জনক পৰিস্থিতিৰ ।
যোৱা নিশা এই হোটেলখনৰ ৩১০ নম্বৰ কোঠাটোৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছিল । সকলোৰে প্ৰশ্ন- কিয় কোঠাটোৰ দৰ্জাখন ভিতৰৰ পৰা বন্ধ কৰি থোৱা আছে ? কোনেও খুলিবলৈ কৰা নাই সাহস ।
কামৰূপ (ম) জিলাৰ অভিষেক চৌধুৰী নামৰ এজন ৩১ বছৰীয়া যুৱকে সোমবাৰে হোটেলখনৰ এই কোঠাটো ভাৰালৈ লৈছিল । কোঠাটোৰ দৰ্জা ভিতৰৰ পৰা সোমবাৰৰ পৰা বন্ধ থকাত হোটেল কৰ্তৃপক্ষই মঙলবাৰে সন্ধিয়া যোগাযোগ কৰে তিনিচুকীয়া আৰক্ষীক । পৰৱৰ্তী সময়ত দণ্ডাধীশ আৰু তিনিচুকীয়া আৰক্ষীৰ উপস্থিতিত হোটেলৰ কৰ্তৃপক্ষই খিৰিকিৰে কৌশলেৰে কোঠাটোৰ দৰ্জা খোলে ।
কোঠাৰ ভিতৰতে কেনেকৈ মৃত্যু হ’ল যুৱকৰ ?
কোঠাটোৰ দুৱাৰ খোলাৰ লগে লগে উদ্ধাৰ হয় কামৰূপৰ যুৱকজনৰ মৃতদেহ । যুৱকজন কোঠাৰ ভিতৰত মৃত অৱস্থাত বিচনাত পৰি আছিল ৷ এতিয়া প্ৰশ্ন হৈছে যুবকজনৰ কোঠাৰ ভিতৰতে মৃত্যু হ’ল কেনেকৈ ? সমগ্ৰ ঘটনা সন্দৰ্ভত নন্দন হোটেলৰ কৰ্তৃপক্ষই সংবাদমাধ্যমত মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷
পাউদাৰ জাতীয় সামগ্ৰী-ছিৰিঞ্জ উদ্ধাৰ :
যুৱকজনৰ মৃত্যু হোৱা কোঠাটোত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে তালাচী চলায় ৷ এই সন্দৰ্ভত দণ্ডাধীশগৰাকীয়ে কয়, "কোঠাটোত তালাচীৰ সময়ত মৃতদেহটোৰ কাষত টেমাত কিছু পাউদাৰ জাতীয় সামগ্ৰী আৰু ছিৰিঞ্জ উদ্ধাৰ কৰা হৈছে ৷ আন কোনো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ হোৱা নাই ।"
পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰে তদন্ত । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব উক্ত যুৱকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ।