অসম

assam

ETV Bharat / bharat

ই ভি এমতে হ'ব নিৰ্বাচন: বেলট কাকত ব্যৱহাৰৰ পি আই এল খাৰিজ শীৰ্ষ ন্যায়ালয়ৰ - SC ON PAPER BALLOT

বিচাৰপীঠে আবেদনকাৰীক কয় যে যদি আপুনি নিৰ্বাচনত জয়ী হয় তেন্তে কি হ'ব । ই ভি এমত কোনো ধৰণৰ খেলিমেলি কৰা নহয় ।

SC on paper ballot
বেলট কাকত ব্যৱহাৰৰ পি আই এল খাৰিজ শীৰ্ষ ন্যায়ালয়ৰ (ANI)

By ANI

Published : Nov 26, 2024, 5:35 PM IST

নতুন দিল্লী: বেলট কাকতত নহয়, ই ভি এমতেই হ'ব নিৰ্বাচন । উচ্চতম ন্যায়ালয়ে মঙলবাৰে দেশৰ নিৰ্বাচনত কাকতৰ বেলট ভোটিং ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ (public interest litigation, PIL) আবেদন খাৰিজ কৰে ।

ভাৰতত বেলটৰ জৰিয়তে ভোটদানৰ প্ৰক্ৰিয়া বিচাৰি কে এ পল নামৰ ব্যক্তি এগৰাকী দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু পি বি ভাৰালেৰ বিচাৰপীঠে।

শুনানিৰ সময়ত আবেদনকাৰীয়ে কয় যে আনকি চন্দ্ৰবাবু নাইডু আৰু ৱাই এছ জগন মোহন ৰেড্ডীৰ দৰে নেতায়ো ইলেক্ট্ৰ'নিক ভোটিং মেচিন (Electronic Voting Machine, EVM) টেম্পাৰিঙৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । এই সন্দৰ্ভত বিচাৰপীঠে কয় যে যদি আপুনি নিৰ্বাচনত জয়ী হয় তেন্তে কি হ'ব, ই ভি এমত কোনো ধৰণৰ খেলিমেলি কৰা নহয় ।

"চন্দ্ৰবাবু নাইডু বা জগন মোহন ৰেড্ডী পৰাজিত যেতিয়া হৈছিল তেওঁলোকে কয় যে ই ভি এমত খেলিমেলি কৰা হৈছে । আৰু যেতিয়া তেওঁলোক জয়ী হৈছিল, তেতিয়া তেওঁলোকে একো নকয় । আমি এই কথাটো কেনেদৰে চাব পাৰোঁ ? আমি ইয়াক খাৰিজ কৰিছোঁ । এইবোৰৰ বিষয়ে আপুনি বিতৰ্ক কৰিবলৈ এইখন তেনেকুৱা ঠাই নহয় ।" বিচাৰপীঠে কয় ।

উল্লেখ্য যে পলে কৈছিল যে ই ভি এমৰ সৈতে খেলিমেলি কৰিব পাৰি আৰু পৰামৰ্শ দিছিল যে ভাৰতে আমেৰিকাৰ দৰে দেশৰ প্ৰথা অনুসৰণ কৰিব লাগে । কিয়নো আমেৰিকাই ই ভি এমৰ পৰিৱৰ্তে কাগজৰ বেলট ব্যৱহাৰ কৰে ।

ই ভি এমে গণতন্ত্ৰৰ বাবে ভাবুকি সৃষ্টি কৰিছে বুলি উল্লেখ কৰি পলে কয় যে ইলন মাস্কৰ দৰে বিশিষ্ট ব্যক্তিয়েও ই ভি এম টেম্পাৰিঙক লৈ উদ্বেগ ব্যক্ত কৰিছিল ।

আবেদনখনত তেওঁ নিৰ্বাচনৰ সময়ত ধন, সুৰা আৰু অন্যান্য প্ৰলোভন দিয়া সামগ্ৰী বিতৰণৰ বাবে দোষী সাব্যস্ত হ'লে প্ৰাৰ্থীসকলক কমেও পাঁচ বছৰৰ বাবে অযোগ্য ঘোষণা কৰাৰ নিৰ্দেশ জাৰি কৰাকে ধৰি অন্যান্য বিষয়ো আছিল ।

লগতে পঢ়ক :সংবিধানৰ প্ৰস্তাৱনাৰ পৰা উঠাই দিব নোৱাৰিব 'সমাজতান্ত্ৰিক'-'ধৰ্মনিৰপেক্ষ' শব্দ: উচ্চতম ন্যায়ালয়ৰ ৰায়
লগতে পঢ়ক :ভাৰতৰ সংবিধানৰ 75 বছৰ: প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্নজনৰ শুভেচ্ছা দেশবাসীক

ABOUT THE AUTHOR

...view details