নিউজ ডেস্ক, ১৩ মাৰ্চ : ভাৰতীয় ষ্টেট বেংকে (এছবিআই) মঙলবাৰে সন্ধিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী বণ্ডৰ বিৱৰণ দাখিল কৰে । উচ্চতম ন্যায়ালয়ে সোমবাৰে এছবিআইক ১২ মাৰ্চত লেনদেনৰ সময় সমাপ্তিৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল ।
আনহাতে, একেটা নিৰ্দেশ অনুসৰি নিৰ্বাচন আয়োগে ১৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত বেংকটোৱে অফিচিয়েল ৱেবছাইটত এই তথ্যৰ বিৱৰণ প্ৰকাশ কৰিব লাগিব । সূত্ৰ অনুসৰি, এছবিআয়ে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি নিৰ্বাচনী বণ্ডৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে । এছবিআয়ে ২০১৮ চনত আঁচনিখন আৰম্ভণি কৰাৰ পৰা ৩০ টা খণ্ডত ১৬,৫১৮ কোটি টকাৰ নিৰ্বাচনী বণ্ড জাৰি কৰিছে ।
অৱশ্যে উচ্চতম ন্যায়ালয়ে ১৫ ফেব্ৰুৱাৰীত এক গুৰুত্বপূৰ্ণ ৰায়ত কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰে । এই আঁচনিয়ে বেনামী ৰাজনৈতিক পুঁজিক অনুমতি দিয়ে বুলি শীৰ্ষ আদালতে উল্লেখ কৰি ইয়াক 'অসাংবিধানিক' বুলি অভিহিত কৰে আৰু নিৰ্বাচন আয়োগক দাতাসকলৰ নাম, তেওঁলোকে দান কৰা পৰিমাণ আৰু এই দান লাভ কৰা দলৰ নাম প্ৰকাশৰ নিৰ্দেশ দিয়ে ।