অসম

assam

ETV Bharat / bharat

ৰামলীলা ময়দানত ৰাৱণ দাহ অনুষ্ঠানত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী

ৰাম আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা শিল্পীক সম্বৰ্ধনা জনালে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীয়ে।

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 10:02 PM IST

Delhi Ravan Dahan
ৰামলীলা ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ETV Bharat)

নিউজ ডেস্ক, ১২ অক্টোবৰ:আজিদেশজুৰি পালন কৰা হয় দছেৰা । দছেৰা উপলক্ষে দিল্লীৰ লালকিল্লাৰ গাতে লাগি থকা ৰামলীলা ময়দানত ৰাৱণ,মেঘনাদ আৰু কুম্ভকৰ্ণৰ পুত্তলিকা দাহ কৰা হয় ।

শনিবাৰে বিয়লি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই ৰাৱণ দাহকাৰ্য সম্পন্ন কৰা হয় ।

ৰামলীলা ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ETV Bharat)

ৰাম আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা শিল্পীক সম্বৰ্ধনা

প্ৰথমে মঞ্চত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদী ৷ তাৰ পিছত ৰাম আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা শিল্পীসকলক সম্বৰ্ধনা জনাই তেওঁলোকৰ কঁপালত তিলক পিন্ধাই ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৷

ইয়াৰ পিছত শ্ৰীৰাম আৰু ৰাৱণৰ মাজত মহাকাব্যিক যুদ্ধ নাটক মঞ্চস্থ কৰা হয় । সেই নাটকতে ৰামে নাভিত কাঁড় মাৰি ৰাৱণক বধ কৰে ।

পৰিৱেশ অনুকূল সামগ্ৰীৰে নিৰ্মাণ ৰাৱণৰ পুত্তলিকা

প্ৰতি বছৰৰ দৰে এইবাৰো ৰাৱণ,মেঘনাদ আৰু কুম্ভকৰ্ণৰ পুত্তলিকা পৰিৱেশ অনুকূল সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল । আনহাতে, ভগৱান হনুমানৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা বিন্দু দাৰাই কয়," মোৰ বাৰ্তা হ'ল প্ৰধানমন্ত্ৰী মোদীয়ে 'সবকা সাথ সবকা বিকাশ' বুলি কৈছে ।

ভাৰত একত্ৰিত হৈ সঠিক দিশত আগবাঢ়িছে । ইয়াক বনোৱাটো আমাৰ সকলোৰে দায়িত্ব ৷"

শ্ৰী ধর্মিক লীলা কমিটীৰ উদ্যোগত ৰাৱণ,মেঘনাদৰ পুত্তলিকা দাহ

ঐতিহাসিক লালকিল্লাৰ সন্মুখত মাধৱদাস উদ্যানত শ্ৰী ধর্মিক লীলা কমিটীৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে । উল্লেখ্য যে নৱ শ্ৰী ধৰ্মিক লীলা কমিটীয়ে ১৯৫৮ চনৰ পৰা লালকিল্লাৰ সন্মুখত ৰামলীলাৰ মঞ্চায়ন কৰি আহিছে ।

পুৰণি দিল্লী আৰু চান্দনী চ’কৰ পৰম্পৰাগত ব্যঞ্জনো পৰিবেশন কৰা হয় আজিৰ এই অনুষ্ঠানত ।

লগতে পঢ়ক:বিজয়া দশমী উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী শুভেচ্ছাবাৰ্তা

ৰাৱণ দহনৰ পূৰ্বেই অঘটন; স্থাপন কৰিব লওঁতেই বাগৰি পৰিল ৰাৱণৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details