নিউজ ডেস্ক, 7 অক্টোবৰ:শাৰিৰীক অৱস্থা বৰ্তমান সুস্থিৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ । জানিব পৰা মতে একাংশ সংবাদ মাধ্যমে দাবী কৰি আহিছিল যে সোমবাৰৰ নিশাৰ পৰা বিশিষ্ট উদ্যোগপতিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিশিষ্ট উদ্যোগপতি ৰতন টাটাই তেওঁৰ X একাউণ্টযোগে নিজৰ স্বাস্থ্য ঠিকেই আছে বুলি অৱগত কৰিছে ।
ৰতন টাটাই কয়, "মোৰ স্বাস্থ্য সম্পৰ্কে উৰাবাতৰিৰ বিষয়ে মই অৱগত । কিন্তু সেই সকলোবোৰ দাবী ভিত্তিহীন । মই সকলোকে আশ্বস্ত কৰিব বিচাৰো যে বয়স আৰু আনুষংগিক চিকিৎসাজনিত অৱস্থাৰ বাবে মোৰ মেডিকেল চেক-আপ কৰা হৈছে । গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই । বৰ্তমান মোৰ স্বাস্থ্য সুস্থিৰ ।"