নেশ্যনেল ডেস্ক, 22 এপ্ৰিল:বিবাহ অনুষ্ঠানত ডিজো বজোৱাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতি ৷ ৰাজস্থানৰ আলৱাৰ জিলাৰ মেডুবাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিয়াৰ এক শোভাযাত্ৰাত ডিজে বজোৱাক কেন্দ্ৰ কৰি এক বিশেষ গোটৰ সদস্যই তীব্ৰ তৰ্ক-বিতৰ্কত লিপ্ত হয় ৷ এই সন্দৰ্ভত দৰাৰ ককাকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
আৰক্ষীয়ে জনোৱা মতে, শিল আৰু লাঠিৰে আক্ৰমণ চলায় উক্ত দলটোৱে ৷ এই আক্ৰমণৰ ফলত 10 জন লোক আহত হয় । গাঁওখনত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী । জানিব পৰা মতে, বিয়াৰ শোভাযাত্ৰাটোৱে এটা মছজিদৰ সমীপত নাচি-গান গাই স্ফূৰ্তি-তামচা কৰি থকাৰ সময়তে সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷
আক্ৰমণকাৰীয়ে মহিলাসকলকো আক্ৰমণ কৰাৰ ক্ষেত্ৰত পিছ পৰি নাথাকিল । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰামগড়ৰ চি অ’ ওমপ্ৰকাশ বিষ্ণৈ, নৌগাৱন থানাৰ বিষয়া ভূপেন্দ্ৰ সিং, ৰামগড় আৰক্ষী থানাৰ বিষয়া সৱাই সিং, বগাদ টিৰাহা থানাৰ বিষয়া উমাশংকৰ, এম আই এ থানাৰ বিষয়া বিজেন্দ্ৰ সিঙৰ লগতে আৰক্ষী বাহিনী আৰু কিউ আৰ টি ঘটনাস্থলীত উপস্থিত হয় ৷